ETV Bharat / bharat

Earthquake in Turkey: তুৰস্কত ভূমিকম্পত পীড়িত লোকক সহায় কৰিব ভাৰতে

author img

By

Published : Feb 6, 2023, 2:26 PM IST

তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া (Earthquake in Turkey) । তুৰস্কৰ ভূমিকম্প পীড়িত লোকসকলক সহায়ৰ বাবে সাজু হৈছে ভাৰত (India to help earthquake affected people in Turkey)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বেংগালুৰুত এক অনুষ্ঠানত এই কথা স্পষ্ট কৰিছে ।

তুৰস্কত শক্তিশালী ভূমিকম্প
Earthquake in Turkey

নেশ্যনেল ডেস্ক,৬ ফেব্ৰুৱাৰী : তুৰস্কৰ শক্তিশালী ভূমিকম্পৰ পাচতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Turkey earthquake)। দেশখনক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছে বহু দেশ । আনহাতে তুৰস্কৰ ভূমিকম্প পীড়িত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু হৈছে ভাৰত (India ready to offers all assistance for Turkey)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই কথা স্পষ্ট কৰে ।

কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ভাৰত শক্তি সপ্তাহ-২০২৩ শীৰ্ষক এক অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে তুৰস্কৰ ভয়ংকৰ ভূমিকম্পৰ কথা উল্লেখ কৰে (PM Modi offers condolences over Turkey earthquake)। ৰাইজক সম্বোধন কৰি তেওঁ কয় যে আমি সকলোৱে তুৰস্কত প্ৰকৃতিৰ ধ্বংসলীলা প্ৰত্যক্ষ কৰিছো । কেইবাজনো লোকৰ মৃত্যুৰ লগতে ক্ষতিৰ খবৰ পোৱা গৈছে । তুৰস্ক ওচৰৰ দেশসমূহতো ক্ষতিৰ সন্দেহ কৰা হৈছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱা মতে ভাৰতৰ ১৪০ কোটি লোকৰ সহানুভূতি ভূমিকম্প পীড়িত সকলো লোকৰ সৈতে আছে ।

  • Anguished by the loss of lives and damage of property due to the Earthquake in Turkey. Condolences to the bereaved families. May the injured recover soon. India stands in solidarity with the people of Turkey and is ready to offer all possible assistance to cope with this tragedy. https://t.co/vYYJWiEjDQ

    — Narendra Modi (@narendramodi) February 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে কয় যে ভূমিকম্প পীড়িত লোকসকলক সকলো সম্ভৱ সহায় আগবঢ়াবলৈ ভাৰত সাজু হৈছে (India to help Turkey)। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও টুইটযোগে তুৰস্ক আৰু ছিৰিয়া দুয়োখন দেশৰ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে । উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে বেংগালুৰুৰ ভাৰত শক্তি সপ্তাহ ২০২৩ শীৰ্ষক অনুষ্ঠানটোত ইণ্ডিয়ান অইলৰ দ্বাৰা নিৰ্মাণ কৰা সৌৰ ৰন্ধন প্ৰণালীৰ টুইন-কুকটপ মডেল মুকলি কৰে ।

ইফালে তুৰস্কৰ গাজিয়ানটেপ প্ৰদেশৰ নুৰদাগীৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ পূবত হোৱা এই ভয়ংকৰ ভূমিকম্পৰ ফলত ৭ খন প্ৰদেশত কমেও ৭৬ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । প্ৰাৰম্ভিক প্ৰতিবেদনত ছিৰিয়াত ৪২ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোগানে টুইটযোগে কয় যে ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ তাৎক্ষণিকভাৱে অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে (Turkey President tweet on Earthquake)।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাইও টুইটযোগে ভূমিকম্প পীড়িত তুৰস্কক এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে । তেওঁ টুইটযোগে কয় যে তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ মৰ্মাহত । তেওঁ তুৰস্কৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰি আছে যাতে যিকোনো প্ৰয়োজনীয় সহায় প্ৰদান কৰিবলৈ সক্ষম হয় ।

ইফালে শেহতীয়া তথ্য অনুসৰি ভূমিকম্পৰ ফলত তুৰস্ক আৰু ছিৰিয়াত ৬০০ ৰো অধিক লোকৰ মৃত্যু হৈছে (Death toll rise in Turkey)। হাজাৰ হাজাৰ লোক এতিয়াও সন্ধানহীন বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Earthquake jolts Turkey: তুৰস্কত শক্তিশালী ভূমিকম্পত প্ৰাণ হেৰুৱালে 568 গৰাকী লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.