ETV Bharat / bharat

মাৰ্চ মাহত ভাৰতৰ সামগ্ৰীৰ মাহিলী ৰপ্তানিৰ হাৰ বৃদ্ধি

ভাৰতৰ সামগ্ৰীৰ মাহিলী ৰপ্তানিৰ মূল্য ২১.৪৯ বিলিয়ন ডলাৰৰ পৰা ৩৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি । বৃহস্পতিবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰে এই প্ৰাথমিক তথ্য । বিগত বৰ্ষৰ তুলনাত বৃদ্ধি পাইছে ৰপ্তানিৰ হাৰ ।

author img

By

Published : Apr 2, 2021, 1:29 PM IST

ভাৰতৰ সামগ্ৰীৰ মাহিলী ৰপ্তানিৰ মূল্য ৩৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ২ এপ্ৰিল: চলিত বৰ্ষৰ মাৰ্চ মাহত ভাৰতৰ সামগ্ৰীৰ ৰপ্তানিৰ হাৰ বিগত বৰ্ষতকৈ তুলনামূলকভাৱে বৃদ্ধি পাইছে । ২০২০ চনৰ মাৰ্চ মাহত ৰপ্তানিৰ মূল্য আছিল ২১.৪৯ বিলিয়ন মাৰ্কিন ডলাৰ । চলিত বৰ্ষৰ মাৰ্চ মাহত এই মূল্য ৩৪ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পায় ।

বৃহস্পতিবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক বিবৃতিযোগে প্ৰকাশ কৰা প্ৰাথমিক তথ্য অনুিসৰি, চলিত বৰ্ষৰ মাৰ্চ মাহত অ-পেট্ৰ'লজাত সামগ্ৰী ৰপ্তানিৰ মূল্য হৈছে ৩০.৭৯ বিলিয়ন মাৰ্কিন ডলাৰ আৰু ২০২০ চনৰ মাৰ্চ মাহত এই মূল্য আছিল ১৮.৯৭ বিলিয়ন মাৰ্কিন ডলাৰ ।

চলিত বৰ্ষত ৬২.৩ শতাংশ পাইছে বুলি প্ৰকাশ কৰিছে মন্ত্ৰালয়ে । অৱশ্যে ২০২০-২১ বিত্তীয় বৰ্ষৰ মাৰ্চ-এপ্ৰিল মাহত ৰপ্তানি ৭.৪০ শতাংশ হ্ৰাস হৈ ২৯০.১৮ বিলিয়ন মাৰ্কিন ডলাৰ হয় । পূৰ্বৰ বিত্তীয় বৰ্ষত ৰপ্তানি আছিল ৩১৩.৩৬ বিলিয়ন মাৰ্কিন ডলাৰ ।

ইয়াৰ উপৰিও, ভাৰতৰ আমদানিও বৃদ্ধি পাইছে । ২০২০ চনৰ মাৰ্চ মাহত হোৱা ৩১.৪৭ বিলিয়ন মাৰ্কিন ডলাৰৰ তুলনাত চলিত বৰ্ষত ৫২.৮৯ শতাংশ বৃদ্ধি হৈ ৪৮.১২ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে ।

তথাপিও, ২০২০-২১ চনৰ এপ্ৰিল-মাৰ্চত সামগ্ৰী আমদানি ১৮.০৭ শতাংশ হ্ৰাস হৈ ইয়াৰ মূল্য ৩৮৮.৯২ বিলিয়ন মাৰ্কিন ডলাৰলৈ হ্ৰাস পাইছে । বিগত বৰ্ষৰ একে সময়ছোৱাত আমদানিৰ মূল্য ৪৭৪.৭১ বিলিয়ন মাৰ্কিন ডলাৰ আছিল । চলিত বৰ্ষৰ মাৰ্চ মাহত তেলৰ আমদানিৰ মূল্য ১০.১৭ বিলিয়ন মাৰ্কিন ডলাৰ আছিল আৰু ২০২০ চনৰ মাৰ্চত এই মূল্য আছিল ১০.০৫ বিলিয়ন মাৰ্কিন ডলাৰ ।

আনহাতে, চলিত বৰ্ষৰ মাৰ্চত তেলক বাদ দি আন সামগ্ৰীৰ আমদানিৰ মূল্য ৩৭.৯৫ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে বুলি অনুমান কৰা হৈছে । ২০২০ চনৰ মাৰ্চ মাহত ২১.৪২ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় হৈছিল । ইয়াৰ তুলনাত চলিত বৰ্ষতঅ ৭৭.১২ শতাংশ বৃদ্ধি হৈছে । ফলস্বৰূপে, যোৱা মাহত ভাৰতৰ বাণিজ্য ঘাটি ৪১.৪০ শতাংশ বৃদ্ধি হৈছে ।

লগতে পঢ়ক:অসমত গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠন হ’ব: মুকুল চাংমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.