ETV Bharat / bharat

ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংকৰ ডিজিটেল পৰিশোধ' সেৱা 'ডাকপে' আৰম্ভ

author img

By

Published : Dec 15, 2020, 10:30 PM IST

ডাকপে হৈছে সমাজৰ বিভিন্ন শ্ৰেণীৰ বিত্তীয় প্ৰযোজনীয়তা পূৰণ কৰাৰ বাবে সমগ্ৰ দেশতে বিশ্বস্ত ডাক নেটৰ্ৱকৰ যোগৰে ইণ্ডিয়া প’ষ্ট আৰু আইপিপিবিয়ে প্ৰদান কৰা ডিজিটেল বিত্তীয় আৰু সকলোৰে সহায় হোৱাকৈ বেংকিঙ সেৱাৰ এক যুগান্তকাৰী প্ৰদক্ষেপ ৷ ইয়াৰ জৰিয়তে আপোনজনলৈ ধন প্ৰেৰণ কৰা, স্কেন QR ক’ডৰ জৰিয়তে ব্যৱসায়ীসকলে লেনদেন, ভাৰ্চুৱেল ডেবিট কাৰ্ড আৰু UPI ৰ জৰিতে ধন পৰিষোধ কৰা, বায়’মেট্ৰিক যোগে নগদ ধনবিহীন লেনদেন কৰা আদি সুবিধা উপলব্ধ হ’ব ৷

ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংকৰ ডিজিটেল পৰিশোধ' সেৱা 'ডাকপে' আৰম্ভ
ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংকৰ ডিজিটেল পৰিশোধ' সেৱা 'ডাকপে' আৰম্ভ

নিউজ ডেস্ক,15 ডিচেম্বৰঃ মঙলবাৰে প’ষ্ট বিভাগ DOP আৰু ইণ্ডিয়া প’ষ্ট পেমেণ্টচ বেংক IPPB য়ে এক ভাৰ্চুৱেল লঞ্চ অনুষ্ঠানত এটা নতুন পৰিষোধ এপ ডাকপে উন্মোচন কৰে ৷ সমগ্ৰ ভাৰতবৰ্ষক ডিজিটেল বিত্তীয় লেনদেনেৰে সামৰি ল’বৰ বাৱে যি প্ৰচেষ্টা ডাক বিভাগে হাতত লৈছে তাৰ অংশ হিচাপে এই এপটো মুকলি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, ডাকপে হৈছে সমাজৰ বিভিন্ন শ্ৰেণীৰ বিত্তীয় প্ৰযোজনীয়তা পূৰণ কৰাৰ বাবে সমগ্ৰ দেশতে বিশ্বস্ত ডাক নেটৰ্ৱকৰ যোগৰে ইণ্ডিয়া প’ষ্ট আৰু আইপিপিবিয়ে প্ৰদান কৰা ডিজিটেল বিত্তীয় আৰু সকলোৰে সহায় হোৱাকৈ বেংকিঙ সেৱাৰ এক যুগান্তকাৰী প্ৰদক্ষেপ ৷ ইয়াৰ জৰিয়তে আপোনজনলৈ ধন প্ৰেৰণ কৰা, স্কেন QR ক’ডৰ জৰিয়তে ব্যৱসায়ীসকলে লেনদেন, ভাৰ্চুৱেল ডেবিট কাৰ্ড আৰু UPI ৰ জৰিতে ধন পৰিষোধ কৰা, বায়’মেট্ৰিক যোগে নগদ ধনবিহীন লেনদেন কৰা আদি সুবিধা উপলব্ধ হ’ব ৷

মঙলবাৰে ডাকপে উদ্ধোধন কৰি কেন্দ্ৰীয় যোগাযোগ, ইলেক্ট্ৰনিকছ, IT বিভাগ আৰু আইন আৰু ন্যায় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে, দেশত লকডাউন চলিথকাৰ সময়তে ডাক সেৱাৰ জৰিয়তে জনসাধাৰণৰ যি সেৱা আগবঢ়ালে সেইয়া সচাই প্ৰশংসনীয় ৷ সম্প্ৰতি ডাকপে আৰম্ভ কৰিলে ইণ্ডিয়া প’ষ্টে যথেষ্ট উন্নয়ন সাধন কৰাৰ লগতে দেশৰ পৰিয়াল সমূহে যথেষ্ট সকাহ পাব বুলি মত প্ৰকাশ কৰে ৰবি শংকৰ প্ৰসাদে ৷

লগতে তেওঁ কয় যে, এই অভিনৱ সেৱাই কেৱল অনলাইনতে বেংকিঙ সেৱা সীমাবদ্ধ নাথাকে, জনসাধাৰণৰ দুৱাৰ মুখত উপলব্ধ থাকিব যাৰ জৰিয়তে সমাজৰ দৰিদ্ৰজন ইয়াৰ পৰা লাভান্বিত হ’ব ৷ মই দৃঢ়ভাৱে বিশ্বাস কৰো যে, ডাক বিভাগে সমগ্ৰ দেশজুৰি নেটৱৰ্কৰ জৰিয়তে অনলাইন ধনৰ লেনদেন কৰাৰ লগতে ঘৰুৱা ভাৱে সেৱা আগবঢ়াই ডাক সেৱাক দুগুণ শক্তিশালী কৰি ভাৰতক আৰ্থিকভাবে আত্মৰ্নিভয় কৰাত অৰিহণা যোগাৱাব ৷

লগতে পঢ়কঃ আকৌ আহিব ক’ৰণাঃ ভালুকৰ সাঙীত পৰিণত ক’ভিড প্ৰট'কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.