নেশ্যনেল ডেস্ক, 30 এপ্ৰিল: ভাৰতীয় নৌ সেনাৰ মহানুভৱতা ৷ লক্ষ দ্বীপৰ কালপেনিৰ এগৰাকী ক'ভিড আক্ৰান্ত 75 বছৰীয়া ৰোগীক নিজ বিমানেৰে সম্পূৰ্ণ সুবিধা প্ৰদান কৰি কোচিলৈ স্থানান্তৰ কৰে ৷
চাউথাৰ্ণ ন'ভেল কমাণ্ডাৰৰ এক চৰকাৰী বিবৃতি অনুসৰি, লোকজন ক'ভিড আক্ৰান্ত হোৱাৰ লগতে দীৰ্ঘদিনৰ পৰা গলৰ বিষত ভুগি আছিল ৷ লক্ষদ্বীপ প্ৰশাসনক অৱগত কৰাৰ পাচত বুধবাৰে পৱন হংস হেলিকপ্টাৰে লোকজনক উদ্ধাৰ কৰি আইএনএইচএছ সঞ্জীৱনী নামৰ নৌ বাহিনীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি ৰোগী গৰাকীক চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷
উল্লেখ্য যে, নৌ-সেনা বাহিনীৰ চিকিৎসালয়ে লক্ষদ্বীপ প্ৰশাসন সহযোগত ক'ভিডৰোগীসকলৰ বাবে দহখন বিচনা সংৰক্ষিত কৰি ৰাখিছে ৷ লগতে ভাৰতীয় নৌসেনাৰ জাহাজ এমপিভি মেঘনাৰ জৰিয়তে বুধবাৰে আবেলি এন্দ্ৰ'থ দ্বীপলৈ ১৩ টা অক্সিজেন চিলিণ্ডাৰ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক: তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ ৰেপিড এণ্টিজেন-আৰটি-পিচিআৰ পৰীক্ষাত মিশ্ৰিত ফলাফল