নেশ্যনেল ডেস্ক, 6 নৱেম্বৰ : ভাৰতত যোৱা 24 ঘণ্টাত 10,929 টা নতুন ক’ভিড-19 ৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে আৰু 392 গৰাকী লোকৰ মৃত্যু হৈছে ৷ শনিবাৰে এই তথ্য সদৰি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৷ মন্ত্ৰালয়ে উল্লেখ কৰা মতে, বৰ্তমান দেশত ক’ভিড আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা হৈছে 1,46,950 গৰাকী, য’ত দেশৰ সম্পূৰ্ণ আক্ৰান্তৰ এক শতাংশতকৈয়ো কম ৰোগীৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ আছে ৷
মাৰ্চ 2020 ৰ পৰা মুঠ আক্ৰান্তৰ তুলনাত বৰ্তমান সক্ৰিয়তাৰ হাৰ 0.43%, যি ক’ভিড কালত সৰ্বনিম্ন স্তৰত পোৱা বুলি বিবেচিত হৈছে ৷ যোৱা 24 ঘণ্টাত হোৱা 392 টা মৃত্যুকে ধৰি দেশত বৰ্তমান মৃত্যুৰ সংখ্যা হ’লগৈ 4,60,265 ৷
- " class="align-text-top noRightClick twitterSection" data="">
তথ্য অনুসৰি, যোৱা 24 ঘণ্টাত এই ভাইৰাছৰ আক্ৰমণৰ পৰা মুক্ত হৈ প্ৰায় 12,509 জন লোক সুস্থ হৈ উঠিছে আৰু বৰ্তমান মুঠ আৰোগ্যৰ সংখ্যা হ’লগৈ 3,37,37,468 গৰাকী ৷ ইতিমধ্যে দেশত আৰোগ্যৰ হাৰ হৈছেগৈ 98.23 শতাংশ ৷ যোৱা 33 দিনত দৈনিক আক্ৰান্তৰ হাৰ 1.35% আৰু 43 দিনত সাপ্তাহিকৰ হিচাপত আক্ৰান্তৰ হাৰ 1.27% যি দুই শতাংশতকৈ কম ৷
উল্লেখ্য যে, সমগ্ৰ দেশত যোৱা 24ঘণ্টাত 8,10,783 টা নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে আৰু ইয়াক লৈ পৰীক্ষাৰ সৰ্বমুঠ সংখ্যা হৈছেগৈ 61,39,65,751 ৷
অন্যহাতে, দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে 1,07.92 কোটি (1,07,92,19,546) ক’ভিড-19 ভেকছিনৰ পালি প্ৰদান কৰা হৈছে বুলি জনালে স্বাস্থ্য মন্ত্ৰালয়ে ।
লগতে চাওক : দীপাৱলীৰ পাছত প্ৰদূষিত গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল