নিউজ ডেস্ক, 2 নৱেম্বৰ : ভাৰতত সোমবাৰে পুনৰ 10,423 গৰাকী লোক নতুনকৈ ক’ৰণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 443 গৰাকীৰ ৷ একেদিনাই কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰিছে 15,021 গৰাকী লোকে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে মঙলবাৰে পুৱা প্ৰকাশ কৰে এই তথ্য ৷ ইয়াৰ লগতে দেশত সক্ৰিয় ঘটনাৰ সংখ্যা 1,53,776 লৈ বৃদ্ধি পাইছে আৰু মৃত্যু হৈছে 4,58,880 গৰাকীৰ ৷
- " class="align-text-top noRightClick twitterSection" data="">
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশত সোমবাৰলৈ মুঠ 3,36,83,581 গৰাকী লোক কৰ’ণা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে । দেশত এতিয়ালৈ 61,02,10,339 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ৷ আনহাতে 1,06,85,71,879 গৰাকী লোকৰ ক’ভিড-19 ভেকছিন পালি প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক : Make in India: সেনাৰ আধুনিকীকৰণৰ বাবে 7,965 কোটি টকাৰ প্ৰস্তাৱত সন্মতি