নেশ্যনেল ডেস্ক,31 ডিচেম্বৰ : ভাৰতে বুধবাৰে বানপীড়িত লোকসকলৰ বাবে কম্বোডিয়ালৈ 15 টন সাহাৰ্য প্ৰদান কৰে ৷ এই কাৰ্যৰ জৰিয়তে নতুন দিল্লীয়ে পূৱ এছিয়ান ৰাষ্ট্ৰৰ সৈতে গঢ়ি তোলা সম্পৰ্কৰ প্ৰতিফলন ঘটিছে ৷
ভাৰতীয় নৌসেনাৰ জাহাজ আইএনএছ কিল্টনৰ দ্বাৰা এই সামগ্ৰীসমূহ প্ৰেৰণ কৰা হয় ৷ ভাৰত আৰু কম্বোডিয়াৰ মাজত এক শক্তিশালী বন্ধুত্ব গঢ়ি উঠে,যেতিয়া আইএনএছ কিল্টনে কম্বোডিয়াৰ বানত প্ৰভাৱিত লোকসকলৰ বাবে 3,000 সাহাৰ্য কিটযুক্ত 15 টন সাহাৰ্য সামগ্ৰী প্ৰেৰণ কৰে ৷ এক বিবৃতিযোগে ভাৰতীয় এম্বেচীয়ে এই কথা প্ৰকাশ কৰে ৷
ভাৰতীয় ৰাজনায়ক বি সুভা ৰাওৱে কয় যে,বান সাহাৰ্যৰ ক্ষেত্ৰত এক সম্প্ৰসাৰিত প্ৰতিৱেশী আৰু নিৰ্ভৰযোগ্য সংগী হিচাপে কম্বোডিয়াৰ সৈতে ভাৰতে কি গুৰুত্ব প্ৰদান কৰিছে তাৰ ইংগিত পোৱা গৈছে ৷
চামোয়েনে দুয়োখন দেশৰ মাজত বন্ধুত্বৰ শক্তিশালী বন্ধনৰ কথা মনত পেলাই কম্বোডিয়াত বানত প্ৰভাৱিত লোকসকলক সহায় কৰাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনায় ৷
লগতে পঢ়ক : উধমপুৰ-বাৰামুলা ৰে’ল সংযোগী প্ৰকল্পৰ বাবে 2022 বৰ্ষৰ 15 আগষ্ট সময়সীমা নিৰ্ধাৰণ