ETV Bharat / bharat

ক'ভিড-১৯: ২৪ ঘণ্টাত ভাৰতত ৪,১০৬ জনৰ মৃত্যু

author img

By

Published : May 17, 2021, 12:09 PM IST

ভাৰতত নতুনকৈ ২,৮১,৩৮৬ জন কৰ'ণাত আক্ৰান্ত । বিগত ২৪ ঘণ্টাত কালৰূপী কৰ'ণাই প্ৰাণ কাঢ়িলে ৪,১০৬ জনৰ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য ।

INDIA COVID REPORT UPDATE
ভাৰতত নতুনকৈ ২,৮১,৩৮৬ জন কৰ'ণাত আক্ৰান্ত

নেশ্যনেল ডেস্ক,১৭ মে': ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক'ভিড-১৯ ত দৈনিক আক্ৰান্তৰ হাৰ । দেওবাৰে দিনটোত ২,৮১,৩৮৬ জন লোক নতুনকৈ কৰ'ণা মহামাৰীৰ কবলত পৰে । শনিবাৰে ভাৰতত ৩,১১,১৭০ জন লোক মহামাৰীৰ কবলত পৰে ।

এই পৰিসংখ্যাৰ দিশৰ পৰা দেশত তুলনামূলকভাৱে দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা দেখা গৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৪,১০৬ জন লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰে সৈতে ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ২,৭৪,৩৯০ জন ।

  • " class="align-text-top noRightClick twitterSection" data="">

এতিয়ালৈকে ভাৰতত ২,৪৯,৬৫,৪৬৩ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । আনহাতে, বৰ্তমানলৈকে ২,১১,৭৪,০৭৬ জন আৰোগ্য হৈ উঠিছে । দেওবাৰৰ দিনটোত ৩,৭৮,৭৪১ জনে আৰোগ্য হৈ ঘৰলৈ উভতিছে । বৰ্তমান দেশত ৩৫,১৬,৯৯৭ গৰাকী সক্ৰিয় ৰোগী আছে ।

লগতে পঢ়ক: নাৰদা কেলেংকাৰী : কেবিনেট মন্ত্ৰীসহ টিএমচিৰ নেতাক গ্ৰেপ্তাৰ চিবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.