ETV Bharat / bharat

ক'ভিড-১৯: ভাৰতত আৰোগ্যৰ হাৰ ৮২.৩৩ শতাংশ - ভাৰতত বিভীষিকা

কৰ'ণা মহামাৰীৰ সংক্ৰমণে ভাৰতত বিভীষিকাৰ সৃষ্টি কৰিলেও ক্ৰমান্বয়ে দেশত হ্ৰাস পাইছে ক'ভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ । বৰ্তমান ভাৰতত মৃত্যুৰ হাৰ হৈছে ১.১২ শতাংশ । এক চৰকাৰী বিবৃতিত প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৮২.৩৩ শতাংশ ।

দেশত হ্ৰাস পাইছে ক'ভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ

author img

By

Published : Apr 29, 2021, 11:30 AM IST

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল: বিগত দিনৰ তুলনাত দেশত বৃদ্ধি পাইছে মহামাৰীত আক্ৰান্তৰ আৰোগ্যৰ হাৰ । বুধবাৰে ভাৰত চৰকাৰৰ এক বিবৃতিত প্ৰকাশিত তথ্য অনুসৰি, বৰ্তমান ভাৰতত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮২.৩৩ শতাংশ ।

ক'ভিড-১৯ ত আক্ৰান্ত হৈ এতিয়ালৈকে ১,৪৮,১৭,৩৭১ জন লোক আৰোগ্য হৈ উঠিছে । লগতে দেশত ক'ভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে । বিবৃতিটোত প্ৰকাশিত তথ্য মতে, বৰ্তমান ভাৰতত মৃত্যুৰ হাৰ হৈছে ১.১২ শতাংশ ।

দমন আৰু দিউ, দাদৰ আৰু নগৰ হাভেলি, লক্ষদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জকে ধৰি কেন্দ্ৰীয় শাসিত অঞ্চল আৰু মিজোৰাম, অৰুণাচল প্ৰদেশসহ পাঁচখন ৰাজ্যত যোৱা ২৪ ঘণ্টাত কোনো লোক মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই বুলি বিবৃতিযোগে জানিবলৈ দিছে চৰকাৰী পক্ষই । ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা এতিয়াও বাঢ়িয়েই আছে ।

লগতে পঢ়ক: চিমলাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.