ETV Bharat / bharat

দেশত পুনৰ কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি : এদিনতে 30,773 জন নতুনকৈ আক্ৰান্ত

author img

By

Published : Sep 19, 2021, 1:26 PM IST

বিগত 24 ঘণ্টাত ভাৰতত 30,773 জনকৈ লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত ৷ 309 জনৰ মৃত্যুৰ সৈতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটা লোকৰ মুঠ সংখ্যা 4,44,838 লৈ বৃদ্ধি ৷ সমগ্ৰ ৰাষ্ট্ৰত আৰোগ্য লাভৰ হাৰ(recovery rate) 97.68 শতাংশ আৰু দৈনিক আক্ৰান্তৰ হাৰ 1.97 শতাংশ ৷

India coronavirus count
দেশত পুনৰ কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি

নেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ : ভাৰতত পুনৰ বৃদ্ধি পাবলৈ লৈছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ বিগত 24 ঘণ্টাত দেশত 30,773 জন লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ অৱশ্যে আক্ৰান্ত(active cases) লোকৰ সংখ্যা 3,32,158 জনলৈ হ্ৰাস পাইছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই কথা সদৰী কৰিছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, পুনৰ 309 জন লোকৰ মৃত্যুৰ সৈতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটা লোকৰ মুঠ সংখ্যা 4,44,838 লৈ বৃদ্ধি পাইছে ৷ উল্লেখ্য যে, বিগত 24 ঘণ্টাত কেৰালাত মুঠ 19,325জন ক'ভিডত আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে 143জন লোকে মৃত্যুক সাৱটি লৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে অতিমাৰীত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 3,26,71,167 লৈ বৃদ্ধি হৈছে ৷ মন্ত্ৰণালয়ৰ মতে সমগ্ৰ ৰাষ্ট্ৰত আৰোগ্য লাভৰ হাৰ(recovery rate) 97.68 শতাংশ আৰু দৈনিক আক্ৰান্তৰ হাৰ 1.97 শতাংশ ৷

উল্লেখ্য যে, দেশজুৰি চলি থকা টীকাকৰণ অভিযানৰ অধীনত এই পৰ্যন্ত 80.43 কোটিৰো অধিক লোকে প্ৰতিষেধক লাভ কৰিছে ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি 18 ছেপ্টেম্বৰ পৰ্যন্ত 55,23,40,168টা নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ ভিতৰত শনিবাৰৰ দিনটোত 15,59,895 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

লগতে পঢ়ক : চাৰ ধাম যাত্ৰাৰ বাবে IRCTC ৰ বিশেষ ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.