নিউজ ডেস্ক, ৪ জানুৱাৰী: ধাৰাবাহিকভাৱে তৃতীয় দিনৰ দিনাও ভাৰতত দৈনিক COVID-১৯ত আক্ৰান্তৰ সংখ্যা ২০ হাজাৰতকৈ হ্ৰাস পাইছে । এতিয়ালৈকে দেশত মুঠ ১,০৩,৪০,৪৬৯ জন লোক মহামাৰীৰ কবলত পৰিছে । সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৯৯.৪৬ লাখ লোক আৰোগ্য হৈ উঠিছে । মাত্ৰ এটা দিনত ১৬,৫০৪ জন COVID-১৯ত আক্ৰান্ত হৈছে ।
নতুনকৈ মৃত্যু হোৱা ২১৪ জন লোকসহ বৰ্তমানলৈকে ১,৪৯,৬৪৯ জনে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে । দেশত ৯৯,৪৬,৮৬৭ জন লোক সুস্থ হৈ উঠিছে । এই পৰিসংখ্যাৰে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৬.১৯ শতাংশলৈ বৃদ্ধি পাইছে । আনহাতে, মৃত্যুৰ হাৰ হৈছেগৈ ১.৪৫ শতাংশ । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে, ৩ জানুৱাৰীলৈকে ১৭,৫৬,৩৫,৭৬১টা নমুনা পৰীক্ষা কৰা হৈছে । দেওবাৰে ৭,৩৫,৯৭৮ জন লোকৰ নমুনা পৰীক্ষণ সম্পন্ন হয় ।
লগতে পঢ়ক:পাকিস্তানত ২০ বছৰ কাৰাবাস খাটি স্বদেশলৈ ওড়িশাৰ বিৰজু কুলু সন্ধানহীন