ETV Bharat / bharat

পুনৰ ভাৰত আৰু চীনা সেনাৰ মাজত সংঘৰ্ষ - ভাৰতীয় সেনাই চীনা সেনাক বাধা দিয়ে

চীনে বিভিন্ন সময়ত ভাৰতৰ ভূমিত আগ্ৰাসনৰ চেষ্টা চলাই আহিছে । যাৰ বাবে দুয়োখন দেশৰ মাজত বহু সময়ত সীমা সমস্যাকলৈ সংঘৰ্ষৰো সৃষ্টি হয় । দুয়োখন দেশৰ মাজত এই সমস্যা সমাধানক লৈ আলোচনা চলি থকাৰ মাজতে পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চীনা সৈন্যৰ ।

Indian territory
পুনৰ ভাৰত আৰু চীনা সেনাৰ মাজত সংঘৰ্ষ
author img

By

Published : Oct 8, 2021, 12:49 PM IST

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ : ভাৰত আৰু চীনৰ সীমা বিবাদক লৈ বিগত প্ৰায় ১ বছৰৰো অধিক সময় ধৰি দুয়োখন দেশৰ মাজত বিভিন্ন পৰ্যায়ৰ আলোচনা অব্যাহত আছে । ইয়াৰ মাজতে পুনৰ ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশৰ চেষ্টা চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ । চীনৰ প্ৰায় ২০০ সেনা যোৱা সপ্তাহত ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰি অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (LAC) ভাৰতীয় সেনাৰ সৈতে মুখামুখি হয় ।

সূত্ৰৰ পৰা জানিব পৰা মতে টাৱাং চেক্টৰৰ য়াংটছেৰ LAC ৰ ওচৰত নিয়মীয়া টহলৰ সময়ত সংঘটিত হৈছিল এই ঘটনা । জানিব পৰা মতে চীনা সেনাই তিব্বতৰ পৰা ভাৰতৰ ফালে প্ৰৱেশ কৰিছিল আৰু দখল নকৰা বাংকাৰবোৰ ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল । অৱশ্যে সেই সময়তে ভাৰতীয় সেনাই চীনা সেনাক বাধা দিয়ে ।

দুয়োপক্ষৰ মাজত সংঘৰ্ষ পুনৰ অৱনমিত হোৱাৰ দিশে আগবাঢ়িছিল । অৱশ্যে স্থানীয় পৰ্যায়ৰ কামাণ্ডাৰসকলৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে বুলি জানিব পৰা গৈছে ।

শীৰ্ষ চৰকাৰী সূত্ৰই জনোৱা মতে, দুয়োপক্ষৰ মাজত তৰ্ক-বিতৰ্ক কেইবা ঘণ্টা ধৰি চলিছিল আৰু নিৰ্দিষ্ট প্ৰট'কল অনুসৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছিল । অৱশ্যে এই সময়চোৱাত ভাৰতীয় পক্ষৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই বুলি জনাইছে কতৃপক্ষই । সূত্ৰৰ মতে ভাৰত-চীন সীমান্ত আনুষ্ঠানিকভাৱে নিৰ্ধাৰণ কৰা হোৱা নাই যাৰ বাবে দুয়োখন দেশৰ মাজত LACৰ ধাৰণাৰ পাৰ্থক্য আছে ।

সূত্ৰৰ মতে যেতিয়াই দুয়োপক্ষৰ মাজত হাতাহতি আৰম্ভ হৈছিল তেতিয়া নিৰ্দিষ্ট প্ৰট'কল অনুসৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছিল । সূত্ৰটোৱে লগতে কয় যে, নিয়মীয়া টহলৰ সময়তে দুয়োখন দেশৰ সেনা মুখামুখি হৈছিল ।

ইফালে বিগত প্ৰায় ১৬ মাহ ধৰি পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সীমান্ত বিবাদত লিপ্ত হৈ আছে ভাৰত আৰু চীন । যাৰ বাবে এই সমস্যা সমাধানৰ লক্ষ্যৰে ১২ টা কামাণ্ডাৰ পৰ্যায়ৰ আলোচনাও অনুষ্ঠিত হৈছে । ইফালে অক্টোবৰ মাহৰে মাজভাগত ১৩ সংখ্যক আলোচনা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :১৫ অক্টোবৰৰ পৰা বিদেশীসকলক দিয়া হ'ব ভাৰতীয় পৰ্যটক ভিছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.