ETV Bharat / bharat

Defence Ministers bilateral meeting: ভাৰত আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক

ভাৰত আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক (India and China Defence Minister bilateral meeting)। সাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে বৃহস্পতিবাৰে এই দ্বিপাক্ষিক বৈঠক । শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হ'ব সাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ।

author img

By

Published : Apr 27, 2023, 9:03 PM IST

Defence Ministers bilateral meeting
ভাৰত আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক

নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল : নতুন দিল্লীত শুকুৰবাৰে সাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ') প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব (SCO Defence Ministers meeting)। তাৰ পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে নতুন দিল্লীত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল লি শ্বাংফুৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব । শুকুৰবাৰৰ এছচিঅ'ৰ বৈঠকৰ পূৰ্বে ভাৰত আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এই বৈঠকে অধিক গুৰুত্ব লাভ কৰিছে ।

চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী বৃহস্পতিবাৰে এছচিঅ'ৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিল্লীত উপস্থিত হৈছে । ২০২০ চনত পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত হোৱা গালৱান উপত্যকাৰ সংঘৰ্ষৰ পাছত চীনৰ এগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত হোৱা বৈঠকৰ কাৰ্যসূচী এতিয়াও কোনো পক্ষই প্ৰকাশ কৰা নাই কিন্তু সম্ভৱতঃ এলএচিৰ পৰিস্থিত সম্পৰ্কে দুয়োৰে মাজত আলোচনা কৰা হ'ব বুলি অনুমান কৰা হৈছে (Meeting between India and China Defence Minister)। শেহতীয়া বছৰবোৰত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কত এক বৃহৎ উদ্বেগ দেখা গৈছে । বিশেষকৈ চীনে ভাৰতৰ অৰুণাচল প্ৰদেশক তেওঁলোকৰ ভূখণ্ড হিচাপে দাবী কৰাৰ পুনৰাবৃত্তিমূলক প্ৰচেষ্টাৰ পাছত আৰু চীনা সীমান্তৰ উত্তপ্ত পৰিস্থিতিৰ পাচতে এই সম্পৰ্ক অধিক অৱনতি হৈছে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে নতুন দিল্লীত সাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত সভাপতিত্ব কৰিব । চীন, কাজাখাস্তান, কিৰগিজস্তান, ৰাছিয়া, তাজিকিস্তান আৰু উজবেকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব । ভাৰতে বেলাৰুছ আৰু ইৰাণকো এছচিঅ'ৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে ।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়েও ভাৰ্ছুৱেলী বৈঠকত অংশগ্ৰহণ কৰিব । মন্ত্ৰীসকলে আঞ্চলিক শান্তি আৰু নিৰাপত্তা, এছচিঅ'ৰ ভিতৰত সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টা আৰু কাৰ্যকৰী বহুপাক্ষিকতা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিব । ইফালে ভাৰত আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজৰ দ্বিপাক্ষিক বৈঠকৰ পূৰ্বে যোৱা দেওবাৰে চীনৰ ফালৰ চুচুল-মোলডো সীমান্তত কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাৰ ১৮ তম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে ।

লগতে পঢ়ক :MoU between DNLA and Govt: গৃহমন্ত্ৰীৰ উপস্থিতিত চৰকাৰৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব ডি এন এল এয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.