ETV Bharat / bharat

ম্যানমাৰত হিংসা বন্ধৰ আহ্বান ভাৰতৰ; গঠনমূলক আলোচনাৰে সমস্যা সমাধানৰ আশা

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 8:17 PM IST

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে ভাৰতে সীমান্তৱৰ্তী ম্যানমাৰত চলি থকা হিংসাত্মক ঘটনাত গভীৰভাৱে চিন্তিত । গঠনমূলক আলোচনাৰ জৰিয়তে হিংসাত্মক পৰিস্থিতি সমাধানৰ আহ্বান ।

ম্যানমাৰত হিংসা বন্ধৰ আহ্বান ভাৰতৰ
Myanmar crisis

নিউজ ডেস্ক, ১৬ নৱেম্বৰ : ম্যানমাৰৰ চিন ৰাজ্যত ম্যানমাৰ সেনাৰ বিমান আক্ৰমণৰ পিছত মিজোৰামলৈ দেশখনৰ নাগৰিক প্ৰৱেশৰ ঘটনাত ভাৰতে উদ্বিগ্নতা প্ৰকাশ কৰিছে । ভাৰতে বৃহস্পতিবাৰে এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি 'হিংসা বন্ধ কৰিবলৈ' আহ্বান জনায় ।

সাপ্তাহিক সংবাদ মাধ্যমক সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, "মিজোৰামৰ ভাৰত-ম্যানমাৰ সীমান্তত চিন ৰাজ্যৰ জোখাৱথাৰ অঞ্চলৰ বিপৰীতে ৰিকাওদাৰ অঞ্চলত হোৱা যুদ্ধৰ ফলস্বৰূপে ম্যানমাৰৰ নাগৰিকসকল ভাৰতৰ ফালে অগ্ৰসৰ হৈছে । আমি আমাৰ সীমান্তৰ ওচৰত এনে ধৰণৰ ঘটনাৰ বাবে গভীৰভাৱে চিন্তিত । আমি গঠনমূলক আলোচনাৰ জৰিয়তে হিংসা বন্ধ আৰু পৰিস্থিতিৰ সমাধান কৰিব বিচাৰোঁ ।"

"আমি ম্যানমাৰত শান্তি, স্থিৰতা আৰু গণতন্ত্ৰ সুৰক্ষাৰ বাবে আমাৰ আহ্বান পুনৰবাৰ দোহাৰিছোঁ । ২০২১ চনত ম্যানমাৰত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছৰে পৰা ম্যানমাৰৰ বহুসংখ্যক নাগৰিকে ভাৰতত আশ্ৰয় লৈ আহিছে । সংশ্লিষ্ট চুবুৰীয়া ৰাজ্যসমূহৰ স্থানীয় কৰ্তৃপক্ষই মানৱীয় ভিত্তিত পৰিস্থিতি সঠিকভাৱে চম্ভালি আছে । যিসকলে তেওঁলোকৰ দেশলৈ উভতি যাব বিচাৰে তেওঁলোকক ঘূৰাই পঠোৱাৰ সুবিধাও আমি কৰি আহিছোঁ ।" বাগচীয়ে বৃহস্পতিবাৰে নতুন দিল্লীত সাংবাদিকৰ আগত কয় ।

উল্লেখ্য যে প্ৰাপ্ত বাতৰি অনুসৰি, দেওবাৰে সন্ধিয়া ম্যানমাৰৰ জুণ্টা সমৰ্থিত বাহিনী আৰু মিলিছিয়া গ্ৰুপ পিপ'লছ ডিফেন্স ফ'ৰ্চৰ মাজত তীব্ৰ বন্দুকৰ যুদ্ধ আৰম্ভ হয় । পিডিএফে ভাৰতীয় সীমান্তৰ ওচৰৰ চিন ৰাজ্যৰ খাওমাৱী আৰু ৰিখৱদাৰত দুটা সামৰিক ঘাটি আক্ৰমণ কৰাৰ পিছত যুদ্ধ আৰম্ভ হয় আৰু সোমবাৰৰলৈকে যুদ্ধ অব্যাহত থাকে ।

লগতে পঢ়ক :দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত এনকাউণ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.