ETV Bharat / bharat

গুজৰাটত অধিকাংশ শিশু আক্ৰান্ত কৰ'ণাত

আহমেদাবাদকে ধৰি সমগ্ৰ গুজৰাটত কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌ দেখা গৈছে । দ্বিতীয় পৰ্যায়ত মহামাৰীৰ লক্ষণবোৰ বিপদজনক হৈ পৰিছে । এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে আহমেদাবাদ, বদোদৰা আৰু চুৰাটৰ শিশুসকল ৷

গুজৰাটত যথেষ্ট পৰিমাণে শিশুসকল আক্ৰান্ত হৈছে কৰ'ণাত

author img

By

Published : Apr 7, 2021, 6:23 PM IST

নেশ্যনেল ডেস্ক,৭ এপ্ৰিল: কৰ'ণা মহামাৰীৰ দ্বিতীয় ঢৌ অতি ভয়াৱহ ৰূপত দেখা দিছে গুজৰাটত । ৰাজ্যখনৰ কেইবাখনো চহৰ মহামাৰীৰ ফলত জুৰুলা হৈ পৰিছে । মহামাৰীৰ দ্বিতীয় পৰ্যায়ৰ লক্ষণসমূহো অতি ভয়ংকৰ । শেহতীয়াকৈ শিশুসকল এই ভাইৰাছবিধত যথেষ্ট পৰিমাণে আক্ৰান্ত হৈছে ৰাজ্যখনত ।

কোনো লক্ষণ নথকা এগৰাকী ১০ বছৰীয়া কিশোৰৰ কৰ'ণাত মৃত্য়ু ঘটাৰ লগে লগে এতিয়া ৰাজ্যজুৰি তীব্ৰ শংকাই বিৰাজ কৰিছে । যিহেতু শিশুৰ ক্ষেত্ৰত ভাইৰাছ সংক্ৰমণৰ সম্ভাৱনা অধিক, সেয়ে চিকিৎসকে প্ৰয়োজনীয় সাৱধানতা অবিহনে শিশুসকলক ঘৰৰ বাহিৰলৈ যাবলৈ নিদিবলৈ পৰামৰ্শ দিছে ।

চুৰাটৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ পূৰ্বেশ ঢকেছাই ইটিভি ভাৰতক কোৱা মতে মানুহে ভয় খোৱাৰ প্ৰয়োজন নাই । যোৱা বছৰো শিশুসকল সংক্ৰমিত হৈছিল, কিন্তু তেওঁলোকৰ সংখ্যা কম আছিল । চিকিৎসকগৰাকীৰ মতে এইবাৰ অধিক শিশু সংক্ৰমিত হৈছে ৷ শিশুৰ দেহত জ্বৰ, চৰ্দি আৰু কাহৰ লক্ষণ দেখিবলৈ পোৱা গৈছে, যি মহামাৰীবিধৰ অৱস্থিতিৰ আগজাননী ৷

অৱশ্যে, এই বিষয়ত আতংকিত হোৱাৰ কোনো কাৰণ নাই ৷ কিয়নো ১৪ বছৰ বয়সলৈকে কৰ’ণা ভাইৰাছৰ বাবে উশাহ-নিশাহত কষ্ট নাপায় ৷ চিকিৎসকগৰাকীৰ মতে, শিশুসকল লক্ষণহীন আৰু সেয়েহে চুপাৰ স্প্ৰেডাৰ । যাৰ বাবে শিশুসকলক ঘৰৰ ভিতৰত ৰখাটো প্ৰয়োজনীয় । শিশুসকলক পৰিয়ালৰ ডাঙৰ সদস্যসকলৰ পৰা আঁতৰাই ৰাখিব লাগে । যদি শিশুটোৰ দেহত কিছুমান লক্ষণ দেখুৱায়, তেন্তে তেওঁক শিশু বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰিব লাগে ।

আহমেদাবাদৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ নিচল ভট্টই ইটিভি ভাৰতক দিয়া মন্তব্য অনুসৰি যোৱা বছৰত লোৱা সাৱধানতামূলক ব্যৱস্থাৰ উপৰিও এইবাৰ অতিৰিক্ত সাৱধান হোৱা প্ৰয়োজন । তেওঁ কয় যে, সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পিন্ধা, চাবোন আৰু চেনিটাইজাৰেৰে হাত ধোৱা আৰু দুয়োটা পালিৰে সময়মতে টীকাকৰণ কৰাটো অতি প্ৰয়োজনীয় ।

শিশুসকলৰ মাজত ভাইৰাছ সংক্ৰমণৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি চুৰাট পৌৰ আয়ুক্ত বনচানিদি পানীয়ে কয় যে, শিশুসকলক ৰিজাৰ্ভ কোৱাৰেণ্টাইনত ৰখাটো প্ৰয়োজনীয় । ইয়াৰ অৰ্থ হৈছে, আনকি ভাইৰাছৰ পৰীক্ষাত নিগেটিভ অহা লোকসকলেও ঘৰৰ বাহিৰলৈ যাব নালাগে কিয়নো যদি তেওঁলোক বাহিৰলৈ যায় তেন্তে তেওঁলোক সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে ।

লগতে পঢ়ক: মোডীৰ বিৰুদ্ধে মন্তব্য কৰি শলঠেকত ডিএমকে নেতা উদয়নিধি ষ্টালিন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.