নেচনেল ডেস্ক,২৪ জুলাই:আয়কৰ দিৱসত আয়কৰ বিভাগে তামিলনাডুত সৰ্বাধিক কৰ পৰিশোধ কৰাৰ বাবে তাৰকা অভিনেতা ৰজনীকান্তক বঁটা প্ৰদান কৰে (Award for Actor Rajinikanth for paying maximum tax in Tamil Nadu)। উল্লেখ্য় যে আয়কৰ দিৱস উপলক্ষে চেন্নাইত আয়কৰ বিভাগে এক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰে । তামিলনাডুত সৰ্বাধিক আয়কৰ পৰিশোধ কৰাৰ বাবে অভিনেতা ৰজনীকান্তক এটা বঁটা প্ৰদান কৰা বুলি আয়কৰ বিভাগে সদৰি কৰিছে । পুডুচেৰীৰ ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনে অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে উপস্থিত থাকি এই বঁটা প্ৰদান কৰে (Puducherry Governor Tamilisai Soundararajan)।
অভিনেতা ৰজনীকান্তে অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ জ্য়েষ্ঠা কন্য়া ঐশ্বৰ্যই তেওঁৰ পৰিৱৰ্তে এই বঁটা গ্ৰহণ কৰে । উক্ত অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি পুডুচেৰীৰ ৰাজ্যপাল তামিলচাই কয়, 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অহৰহ প্ৰচেষ্টাৰ বাবে ৰাইজে সঠিকভাৱে কৰ পৰিশোধ কৰিবলৈ আগবাঢ়ি আহিছে । সকলোৱে চৰকাৰক কৰ পৰিশোধ কৰিব লাগিব । যদি আমি কৰ পৰিশোধ নকৰোঁ আমি আমাৰ অস্তিত্ব হেৰুৱাম ।'
লগতে পঢ়ক:TN sends relief material to Sri Lanka: শ্ৰীলংকালৈ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ তামিলনাডুৰ