ETV Bharat / bharat

Shraddha like murder in Delhi: দিল্লীত পুনৰ শ্ৰদ্ধা হত্যাৰ অনুৰূপ ঘটনা, প্ৰেমিকাক হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিলে ফ্ৰীজত

author img

By

Published : Feb 15, 2023, 11:23 AM IST

দেশৰ ৰাজধানী দিল্লীত আকৌ এবাৰ চৰ্চালৈ আহিছে শেহতীয়া শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰে অনুৰূপ এক ঘটনা (Incident like Shraddha murder case again in Delhi)। দিল্লীৰ অন্তৰ্গত এটা অঞ্চলত ফ্ৰীজত ভৰাই ৰখা অৱস্থাত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ (Body of girl found in refrigerator)। প্ৰাপ্ত তথ্য অনুসৰি, যুৱতীগৰাকীয়ে প্ৰেমিকক বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ বাবেই প্ৰেমিকে যুৱতীগৰাকীক হত্যা কৰিলে ।

Incident like Shraddha murder case again in Delhi
মোবাইল চাৰ্জাৰৰ তাঁৰেৰে প্ৰেমিকাৰ ডিঙি চেপিলে প্ৰেমিকে

নেশ্যনেল ডেস্ক, 15 ফেব্ৰুৱাৰী : পুনৰবাৰ দেশৰ ৰাজধানী নতুন দিল্লীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে পশ্চিম দিল্লীৰ হৰিদাস নগৰ থানা অঞ্চলত অৱস্থিত এখন ধাবাৰ পৰা উদ্ধাৰ কৰিছে এগৰাকী যুৱতীৰ মৃতদেহ (Body of girl found in refrigerator)। যুৱতীগৰাকীৰ মৃতদেহটো ধাবাখনৰ ফ্ৰীজৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় (Shraddha like murder in Delhi) । ইতিমধ্যে এই হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত যুৱকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । ধৃত যুৱকজন মিতৰাও গাঁৱৰ বাসিন্দা সাহিল গেহলট বুলি জানিব পৰা গৈছে ৷ আনহাতে মৃত যুৱতীগৰাকী উত্তম নগৰত বাস কৰা নিকি যাদৱ বুলি চিনাক্ত কৰা হৈছে ।

দিল্লী আৰক্ষীৰ অতিৰিক্ত উপ আয়ুক্ত বিক্ৰম সিঙে জানিবলৈ দিয়া অনুসৰি, দুয়োজনৰ মাজত আছিল এক প্ৰেমৰ সম্পৰ্ক ৷ প্ৰেমৰ সম্পৰ্ক আছিল যদিও প্ৰেমিক যুৱকজনে যুৱতীগৰাকীৰ সৈতে বিয়াত বহাৰ ক্ষেত্ৰত সন্মতি দিয়া নাছিল ৷ যাৰ বাবে দুয়োৰে মাজত আৰম্ভ হৈছিল মতানৈক্যৰ । ইফালে যুৱকজনৰ পৰিয়ালৰ লোকৰও এই সম্পৰ্কৰ প্ৰতি নাছিল কোনো সমৰ্থন ৷ ইয়াকে লৈ দুয়োৰে মাজত চলি থকা বিবাদৰ চৰম পৰিণতি হিচাপে প্ৰেমিকজনে যুৱতীগৰাকীক হত্যা কৰিলে । অভিযুক্ত যুৱকজনে মিতৰাও অঞ্চলৰ এখন ধাবাত মৃতদেহটো লুকুৱাই ৰাখিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

ইতিমধ্যে সমগ্ৰ ঘটনাটোক লৈ দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে আয়োজন কৰে এখন সংবাদ মেলৰ ৷ সংবাদমেলত ক্ৰাইম ব্ৰাঞ্চৰ ডিচিপি সতীশ কুমাৰ যাদৱে সমগ্ৰ ঘটনাটোৰ সবিশেষ বৰ্ণনা কৰে । তেওঁ কয় যে অভিযুক্ত চাহিল গেহলট আৰু যুৱতীগৰাকীৰ মাজত প্ৰায় ৪ বছৰৰ পৰা চলি আছিল প্ৰেমৰ সম্পৰ্ক । অৱশ্যে সাহিলৰ পৰিয়ালৰ লোকে তেওঁলোকৰ সম্পৰ্কক মানি ল’ব পৰা নাছিল আৰু যুৱতীগৰাকীৰ সংগ এৰি সাহিলক অন্য যুৱতীৰ সৈতে বায়াত বহিবলৈ পৰিয়ালৰ লোকে প্ৰয়োগ কৰি আহিছিল হেঁচা ।

কেৱল এয়াই নহয়, ৯ ফেব্ৰুৱাৰীত যুৱকজনৰ এংগেজমেণ্ট আৰু ১০ ফেব্ৰুৱাৰীত বিয়াৰ দিনো ঠিক কৰা হৈছিল বুলি আৰক্ষীৰ লোকে জানিবলৈ দিয়ে । অৱশ্যে বিষয়টো সন্দৰ্ভত কোনো ভূ দিয়া নাছিল সাহিলে আৰু প্ৰেমিকাক গোৱালৈ যাবলৈ হেঁচা প্ৰয়োগ কৰিছিল । ৯ ফেব্ৰুৱাৰীৰ এংগেজমেণ্টৰ পিছতে সাহিলে উত্তম নগৰস্থিত যুৱতীগৰাকীৰ ফ্লেটত লগ কৰি তেওঁক নিজৰ গাড়ীৰে উলিয়াই লৈ যায় । এই যাত্ৰাৰ মাজতে দুয়োৰে মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় আৰু কাজিয়াৰ মাজতে সাহিলে লগত থকা মোবাইল চাৰ্জাৰৰ তাঁৰেৰে গাড়ীৰ ভিতৰতে যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰে (delhi murder update) ৷

ইয়াৰ পিছত সাহিলে নিজৰ গাঁৱৰ খেতিপথাৰৰ মাজত নিৰ্মাণ কৰা ধাবালৈ নি যুৱতীগৰাকীৰ মৃতদেহটো তাত থকা এটা ফ্ৰীজৰ ভিতৰত লুকুৱাই ৰাখে । ইফালে ক্ৰাইম ব্ৰাঞ্চে চোৰাংচোৱাৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত এছ আই সুৰেশ কুমাৰৰ নেতৃত্বত এটা দলে হত্যাকাণ্ডৰ সমগ্ৰ বিষয়টো ফাদিল কৰাৰ লগতে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Assam action on child marriage: বাল্য বিবাহৰ গোচৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰক্ষীক কঠোৰ সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.