ETV Bharat / bharat

অসবর্ণ বিবাহ কৰিলে চৰকাৰে দিব পাঁচ লাখ টকা !

author img

By

Published : Sep 24, 2021, 4:30 PM IST

ভিন্ন সম্প্ৰদায়ৰ মাজত বিবাহ সম্পন্ন হ'লে স্বামীয়ে অথবা পত্নীয়ে লাভ কৰে ২.৫ লাখ টকাৰ ভাট্টা । কিন্তু ত্ৰিপুৰাত এই আঁচনিৰ সুবিধা লাভ কৰিছে অসবর্ণ বিবাহ সম্পন্ন কৰা ৪ দম্পতীয়ে । ত্ৰিপুৰাত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেই এই মন্তব্য কৰে । তেওঁ কয় যে, আঁচনিৰ সুবিধা লাভ কৰা হিতাধিকাৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য কৰিলে বুজিব পাৰি যে, অসবর্ণ বিবাহ সন্দৰ্ভত এতিয়াও ৰাজ্যখনত সজাগতাৰ অভাৱ আছে ।

Incentive for inter caste marriages
আন্তঃজাতি বিবাহ সম্পন্ন কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস মন্ত্ৰী ৰামদাস আঠাৱালেৰ

নেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ : অসবর্ণ বিবাহক লৈ সমাজত থকা বৈষম্য দূৰ কৰাৰ বাবে চৰকাৰ অথবা বিভিন্ন সংগঠনে মানুহক সজাগ কৰাৰ প্ৰয়াস কৰি আহিছে । কিন্তু আশা কৰা ধৰণে সমাজৰ পৰা এনে মানসিকতা সম্পূৰ্ণৰূপে আঁতৰ কৰিব পৰা নাই । কেন্দ্ৰীয় চৰকাৰে অসবর্ণ বিবাহক উৎসাহ যোগোৱাৰ উদ্দেশ্যে ইতিমধ্যে এখন আঁচনি গ্ৰহণ কৰিছে । কিন্তু আশ্চৰ্যজনকভাৱে ত্ৰিপুৰাত এই আঁচনিখনৰ সুবিধা লাভ কৰা হিতাধিকাৰীৰ সংখ্যা তেনেই তাকৰ ।

শুকুৰবাৰে ত্ৰিপুৰাত সমাজ কল্যাণ আৰু সমাজ শিক্ষা বিভাগৰ এক পৰ্যালোচনা বৈঠকত অংশ লৈ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ৰামদাস আঠৱালেই এই আঁচনিখন সফলভাৱে ৰূপায়ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে । এই আঁচনিৰ অধীনত অসবর্ণ বিবাহৰ ক্ষেত্ৰত যদি স্বামী অথবা পত্নী অনুসূচীত সম্প্ৰদায়ৰ হয় তেন্তে তেওঁ ২.৫ লাখ টকা ভাট্টা হিচাপে লাভ কৰে । সেয়ে, ৰাজ্যখনত এনে বিবাহ সন্দৰ্ভত সজাগতা অভিযান চলাবলৈ বিষয়াসকলক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।

লগতে স্বামী অথবা স্ত্ৰী যাতে দলিত সম্প্ৰদায়ৰ হয়, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈও কয় মন্ত্ৰীগৰাকীয়ে । যাতে তেওঁলোকে একাকালীন ভাট্টা লাভ কৰে । উল্লেখ্য যে, বৃহস্পতিবাৰে আঠাৱালে ত্ৰিপুৰাত উপস্থিত হয় ।

তেওঁ ত্ৰিপুৰাত বৃদ্ধাৱাসৰ সংখ্যা বৃদ্ধি কৰাৰো পোষকতা কৰে । ৰাজ্যখনত মাত্ৰ চাৰিখন বৃদ্ধাশ্ৰম আছে । তেওঁ কয় যে, এই বিষয়ত তেওঁ বিভাগীয় বিষয়াসকলক মন্ত্ৰালয়লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ কৈছে আৰু ৰাজ্যখনৰ আঠখন জিলাৰ প্ৰতিখনত কমেও এখনকৈ বৃদ্ধাশ্ৰম স্থাপন কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভতো আলোকপাত কৰে ।

লগতে পঢ়ক : কমলা হেৰিছ আৰু প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমখন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.