নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : শনিবাৰে দিনৰ ১০ বজাত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব । নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা ৰাজ্যসভা সাংসদ কে চি বেণুগোপালে টুইটযোগে এই কথা প্ৰকাশ কৰে । এই বৈঠকত দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি, আগন্তুক বিধানসভা নিৰ্বাচন আৰু আন নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিব দলীয় নেতৃত্বই ।
-
A meeting of the @INCIndia Working Committee will be held on Saturday, the 16th October, 2021 at 10.00 a.m. at AICC Office, 24, Akbar Road, New Delhi to discuss current political situation, forthcoming assembly elections & Organisational elections.
— K C Venugopal (@kcvenugopalmp) October 9, 2021 " class="align-text-top noRightClick twitterSection" data="
">A meeting of the @INCIndia Working Committee will be held on Saturday, the 16th October, 2021 at 10.00 a.m. at AICC Office, 24, Akbar Road, New Delhi to discuss current political situation, forthcoming assembly elections & Organisational elections.
— K C Venugopal (@kcvenugopalmp) October 9, 2021A meeting of the @INCIndia Working Committee will be held on Saturday, the 16th October, 2021 at 10.00 a.m. at AICC Office, 24, Akbar Road, New Delhi to discuss current political situation, forthcoming assembly elections & Organisational elections.
— K C Venugopal (@kcvenugopalmp) October 9, 2021
নতুন দিল্লীৰ আকবৰ ৰোডস্থিত নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত বৈঠকখন অনুষ্ঠিত হ'ব । আনহাতে, কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক আয়োজিত কৰাৰ আহ্বান জনাই গুলাম নবী আজাদেও কংগ্ৰেছ সভাপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰে । পঞ্জাৱৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভতো এই বৈঠকতে আলোচনা কৰাৰ সম্ভাৱনা আছে ।
উত্তৰ প্ৰদেশ, পঞ্জাৱ আদিত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচন, লখিমপুৰ খেৰীৰ ঘটনাক লৈ দেশজুৰি চৰ্চা অব্যাহত থকাৰ সময়তে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হোৱা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে ।
লগতে পঢ়ক: জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ জালত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ