ETV Bharat / bharat

Amrit Sarovar in Arunachal Pradesh : অৰুণাচলৰ পশ্চিম কামেং জিলাত ৰাইজৰ বাবে মুকলি অমৃত সৰোবৰ - Mission Amrit Sarovar

অৰুণাচল প্ৰদেশৰ টেংগা উপত্যকাত এটা অমৃত সৰোবৰ অঞ্চলটোৰ জনসাধাৰণৰ বাবে উছৰ্গা কৰা হয় । জিলা প্ৰশাসনৰ সৈতে যুটীয়াভাৱে ভাৰতীয় সেনাই নিৰ্মাণ কৰে এই সৰোবৰ । অমৃত সৰোবৰ আঁচনি ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি ।

Amrit Sarovar in Arunachal Pradesh
অৰুণাচলৰ পশ্চিম কামেং জিলাত ৰাইজলৈ মুকলি অমৃত সৰোবৰ
author img

By

Published : Jul 30, 2023, 12:15 PM IST

নেশ্যনেল ডেস্ক,৩০ জুলাই : ভাৰত চৰকাৰৰ এক উল্লেখযোগ্য আঁচনি হৈছে মিছন অমৃত সৰোবৰ । অৰুণাচল প্ৰদেশত এই আঁচনিৰ অধীনত বিভিন্ন কাম কৰা হৈছে । তাৰ অংশ হিচাপে পশ্চিম কামেং জিলা প্ৰশাসনৰ সৈতে যুটীয়া প্ৰচেষ্টাত ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ টেংগা উপত্যকাত অমৃত সৰোবৰ অঞ্চলটোৰ জনসাধাৰণক উছৰ্গা কৰে । এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি সামূহিক সৱলীকৰণৰ লগতে বৰষুণৰ পানী সংৰক্ষণ কৰা ।

Amrit Sarovar in Arunachal Pradesh
অৰুণাচলৰ পশ্চিম কামেং জিলাত ৰাইজলৈ মুকলি অমৃত সৰোবৰ

স্থানীয় প্ৰশাসনৰ সমৰ্থনত সেনাই নিৰ্মাণ কৰা এই সৰোবৰ ৰূপাস্থিত গজৰাজ কৰ্পছ স্থানীয় গঠনৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙে উদ্বোধন কৰে । পশ্চিম কামেং জিলাৰ উপায়ুক্তও এই অনুষ্ঠানত উপস্থিত থাকে । চৰকাৰৰ পদক্ষেপৰ অংশ হিচাপে এই বহুমুখী প্ৰকল্পটোক জনসাধাৰণে প্ৰশংসা কৰিছে । ইফালে অঞ্চলটোৰ উন্নয়নৰ দিশত অসামৰিক-সামৰিক সংমিশ্ৰণৰ প্ৰতীক হিচাপেও চিহ্নিত হৈছে ।

উল্লেখ্য যে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰা এই আঁচনিৰ অধীনত বিভিন্ন ৰাজ্যত কাম কৰি থকা হৈছে । অসমো পৃথক নহয় । বিগত বছৰ অসম চৰকাৰে এই আঁচনি ৰূপায়ণৰ বিভিন্ন দিশৰ কথা উল্লেখ কৰিছিল । অসম চৰকাৰে জনাইছিল যে, এই আঁচনিৰ অধীনত ৰাজ্যক ৩০০৭ টা অমৃত সৰোবৰ গঢ়ি তোলা হ'ব আৰু যিবোৰে প্ৰায় ৫০০০ হেক্টৰ মাটি কালি সামৰি ল'ব । আনহাতে ৰাজ্যৰ প্ৰতিখন জিলাতে ৭৫ টাকৈ অমৃত সৰোবৰ পুখুৰী খন্দা হ'ব, য'ত বিজ্ঞানসন্মত মীন পালনৰ লগতে মূল্যবান বৃক্ষৰোপণৰ ব্যৱস্থা থাকিব বুলিও চৰকাৰে উল্লেখ কৰিছিল ।

অমৃত সৰোবৰ পুখুৰীয়ে ভৱিষ্যতে ৰাজ্যখনৰ গ্ৰাম্য অর্থনীতিৰ ভেটি শক্তিশালী কৰি তোলাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব । অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, মীন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ যুটীয়া প্ৰচেষ্টাৰে মিছন অমৃত সৰোবৰ সফল কৰি তোলাৰ প্ৰচেষ্টাও চৰকাৰে অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :PM Modi meets Murli Manohar Joshi : জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.