ETV Bharat / bharat

বিধ্বস্ত কংগ্ৰেছ: কেৱল নিজৰ আসনখনহে ৰক্ষা কৰিব পাৰিলে অ’কৰাম ইববি সিঙে - Asian highway in Manipur

মণিপুৰ কংগ্ৰেছৰ অতি প্ৰভাৱশালী নেতা তথা ৰাজ্যখনৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী আছিল অ’কৰাম ইববি সিং (Former Manipur CM Okram Ibobi Singh)৷ এইবাৰৰ নিৰ্বাচনত মণিপুৰত কংগ্ৰেছ প্ৰায় এক প্ৰকাৰ বিধ্বস্ত হৈ গৈছে ৷ অ’কৰাম ইববি সিঙেও মাত্ৰ থৌবালৰ নিজৰ আসনখনহে ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

Congress strongman Okram Ibobi Singh
Congress strongman Okram Ibobi Singh
author img

By

Published : Mar 10, 2022, 7:15 PM IST

নিউজ ডেস্ক, 10 মাৰ্চ : মণিপুৰৰ ৰাজনীতিৰ এক বিশেষ সময়ক প্ৰতিনিধিত্ব কৰা‌ ৰাজনীতিক গৰাকীৰ নাম হ'ল অ'কৰাম ইববি সিং (Former Manipur CM Okram Ibobi Singh)। ২০০২ চনৰ পৰা ২০১৭ চনলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত থকা ইববি সিঙে ৰাজ্য খনৰ সংঘাতজৰ্জৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত বিশেষ ভূমিকা লৈছিল ৷ সেই বাবেই একেধাৰে তিনিটা শাসনকাল তেওঁৰ ওপৰত মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ ন্যস্ত হৈছিল । কিন্তু ২০১৭ চনত তেওঁৰে সতীৰ্থ এন বীৰেণ সিঙৰ নেতৃত্বত বিধানসভাৰ মজিয়াত সৃষ্টি হোৱা এক ৰাজনৈতিক সংঘাতৰ পৰিণতিত তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা আঁতৰি আহিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হয় ।

উল্লেখ্য যে, অ’কৰাম ইববি সিং হ’ল মণিপুৰৰ একাদশতম মুখ্যমন্ত্ৰী । ১৯৪৮ চনৰ ১৯ জুনত আথকপাম মাকা লেইকাই গাঁৱত জন্মগ্ৰহণ কৰা অ’কৰাম ইববি সিঙৰ মাক আৰু দেউতাক ক্ৰমে লুকামনি দেৱী আৰু অ’কৰাম আংগিবি । এটা মেইটেই হিন্দু পৰিয়ালৰ সন্তান ইববিয়ে কলেজীয়া শিক্ষা গ্ৰহণ কৰে ইম্ফলৰ ডি এম কলেজৰ পৰা । তাৰ‌পিছতে সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰা ইববিৰ নেতৃত্বত মণিপুৰৰ মজিয়াত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাণ পাই উঠে ।

অতি লক্ষণীয়ভাৱে ২০০২ চনত মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ ইববিয়ে মণিপুৰৰ বিদ্ৰোহী সমস্যা সমাধানৰ বাবে শান্তি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু ৰাজ্য খনৰ আন্তঃগাথঁনিৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়াই নিয়ে ।

মণিপুৰৰ মাজেৰে এছিয়ান হাইৱে’ পাৰ হৈ যোৱাত ইববিৰ ভূমিকা আছিল অতি লক্ষণীয় (Asian highway in Manipur)। এনে তৎপৰতাৰ বাবেই ২০১২ চনৰ বিধানসভাৰ নিৰ্বাচনত ইববিৰ নেতৃত্বত কংগ্ৰেছে ৬০ খন আসনৰ ৪২ খনেই নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল । আনকি তেওঁৰ পত্নী এল লানধনী দেৱীয়েও একেধাৰে দুবাৰকৈ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল । তেওঁ থৌবাল জিলাৰ পৰা বিধানসভালৈ নিৰ্বাচিত প্ৰথম গৰাকী মহিলা বিধায়িকা ।

মনকৰিবলগীয়া যে শাসনত থকাৰ সময়তে অ’কৰাম ইববি সিং কেইবাবাৰো বিদ্ৰোহী সংগঠন আক্ৰমণৰ পৰিকল্পনাৰ সন্মুখীন হৈছিল (Terror aatck on Okram Ibobi Singh)। ২০০৬ চনত তেওঁৰ বাসভৱনত আক্ৰমণ চলাই পিপলছ ৰিভল্যুচনাৰী পাৰ্টি অৱ কালেংপাক নামৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে । ইয়াৰ পিছত ২০০৮ চনত প্ৰিপাক নামৰ সংগঠনটোৱে ইম্ফলত থকা ইববিৰ চৰকাৰী বাসভৱনত আক্ৰমণ চলায় । কিন্তু তেনে প্ৰত্যাহ্বানকো নেওচি ২০১৭ চন পৰ্যন্ত তেওঁ মুখ্যমন্ত্ৰীৰ আসনত থাকি ৰাজ্যৰ ৰাজনীতি আৰু প্ৰশাসন চম্ভালি আছিল ।

কিন্তু এইবাৰ কংগ্ৰেছ দলৰ ভেটি ৰক্ষা কৰিবলৈ সক্ষম নহ’ল অ’কৰাম ইববি সিং ৷ থৌবাল সমষ্টিৰ পৰা 2543 টা ভোটত ইববি সিঙে জয়লাভ কৰিছে যদিও মণিপুৰত কংগ্ৰেছৰ অৱস্থা শোচনীয় ৷ বিয়লি 5.30 লৈকে মাত্ৰ দুখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ দল ৷

লগতে পঢ়ক : মণিপুৰৰ এন বিৰেন সিং কোন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.