ETV Bharat / bharat

PM Modi on Vijaya Dashami: আনৰ ভূমিত আধিপত্য প্ৰতিষ্ঠাৰ বাবে নহয়; নিজৰ ভূমি ৰক্ষাৰ বাবেহে অস্ত্ৰ পূজা: মোদী - বিজয়া দশমী

বিজয়া দশমী উপলক্ষে মঙলবাৰে ভাৰতীয় সেনাই অস্ত্ৰ পূজা কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অস্ত্ৰ পূজা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷

PM Modi on Vijaya Dashami
PM Modi on Vijaya Dashami
author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 9:36 PM IST

নিউজ ডেস্ক, ২৪: মঙলবাৰে বিজয়া দশমী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ কয় যে ভাৰতত কোনো মাটিত আধিপত্য বিস্তাৰ কৰিবলৈ নহয়, নিজৰ ভূমি ৰক্ষাৰ বাবেহে অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰা হয় ।

"বিজয়া দশমীৰ দিনাও 'অস্ত্ৰ পূজা'ৰ পৰম্পৰা আছে । ভাৰতৰ মাটিত অস্ত্ৰ-শস্ত্ৰৰ পূজা কোনো মাটিত আধিপত্য বিস্তাৰ কৰিবলৈ নহয়, নিজৰ ভূমি ৰক্ষাৰ বাবেহে কৰা হয় । আমাৰ শক্তি পূজা কেৱল আমাৰ বাবেই নহয়, সমগ্ৰ পৃথিৱীৰ কল্যাণৰ বাবে ।" দেশৰ ৰাজধানী দিল্লীৰ দশম খণ্ডৰ ডিডিএ খেলপথাৰত অনুষ্ঠিত হোৱা দ্বাৰকা শ্ৰীৰাম লীলা ছ'চাইটিৰ জনসভাত ভাষণ দি এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।

চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চন্দ্ৰ অভিযানৰ প্ৰায় দুমাহৰ অন্তত দেশত দশেৰা উৎসৱ উদযাপন কৰা হৈছে । মহাকাশলৈ ৪০ দিনীয়া যাত্ৰাৰ অন্তত ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰে ৷ চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা ভাৰত বিশ্বৰ প্ৰথম দেশ হিচাপে পৰিগণিত হয় ।

"সকলো দেশবাসীলৈ নৱৰাত্ৰি আৰু বিজয়া দশমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । এই উৎসৱ অশুভৰ ওপৰত শুভ শক্তিৰ জয়ৰ প্ৰতীক । এইবাৰ আমি বিজয়া দশমী উদযাপন কৰিছোঁ যেতিয়া চন্দ্ৰৰ ওপৰত জয়লাভ কৰা ২ মাহ হ'ল । আমাৰ গীতাৰ জ্ঞানো জানো আছে, লগতে আই এন এছ ৱিক্ৰান্ত আৰু তেজস নিৰ্মাণৰ ক্ষমতাও আছে ।’’ এইদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে দেশৰ জনসাধাৰণে ভগৱান ৰামৰ মৰ্যাদা জানে আৰু লগতে দেশৰ সীমা ৰক্ষা কৰিব জানে । "আজি আমি সৌভাগ্যৱান যে আমি ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণ হোৱা দেখিবলৈ সক্ষম হৈছো । অযোধ্যাৰ পৰৱৰ্তী ৰামনাৱমীত ৰামলালাৰ মন্দিৰত প্ৰতিধ্বনিত হোৱা প্ৰতিটো টোকাই সমগ্ৰ বিশ্বতে আনন্দ কঢ়িয়াই আনিব । ৰাম মন্দিৰত বাস কৰিবলৈ ভগৱান ৰামৰ বাবে মাত্ৰ কেইমাহমান বাকী আছে ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক: Rajnath Singh in Bum La Pass : বিজয়া দশমী উপলক্ষে সেনাৰ অস্ত্ৰ পূজাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.