ETV Bharat / bharat

Flight urination case: বিমানত সুৰামত্ত যাত্ৰীয়ে কিয় মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল ? - মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল

নিউয়ৰ্কৰ পৰা দিল্লীলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানত এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল এজন ব্যক্তিয়ে (Flight Passenger urinates on a woman)। যাত্ৰীজন শংকৰ মিশ্ৰ বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে তেওঁ মুম্বাইৰ বাসিন্দা । যাত্ৰাৰ সময়ত মিশ্ৰৰ কাষত বহি থকা এজন যাত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত সমগ্ৰ ঘটনা বৰ্ণনা কৰিছে । আচলতে সমগ্ৰ ঘটনা কেনেকুৱা আছিল ?

Flight urination case
সুৰামত্ত যাত্ৰীয়ে কিয় মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল
author img

By

Published : Jan 7, 2023, 12:45 PM IST

নেশ্যনেল ডেস্ক,৭ জানুৱাৰী : যোৱা ২৬ নৱেম্বৰত এয়াৰ ইণ্ডিয়াৰ বিমানত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল । ৭০ বছৰীয়া এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল এজন সুৰামত্ত যাত্ৰীয়ে (Flight urination case)। এই ঘটনাই বিশ্বজুৰি চৰ্চা লাভ কৰিছিল । সেই সুৰামত্ত যাত্ৰীগৰাকী শংকৰ মিশ্ৰ বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে শংকৰ মিশ্ৰই নিউয়ৰ্ক-দিল্লী এয়াৰ ইণ্ডিয়া বিমানখনত মহিলা যাত্ৰীগৰাকী ওপৰত প্ৰস্ৰাৱ কৰাৰ পাছত জ্ঞান ঘূৰাই পাইছিল আৰু সহযাত্ৰীক কৈছিল, "ভাই, মই ভাবো মই সমস্যাত আছো ।" মিশ্ৰই এই কথাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ অডিঅ'লজীৰ চিকিৎসক সুগাতা ভট্টাচাৰ্যক কৈছিল (Co Passenger reacts over Flight urination case)। বিজনেছ ক্লাছৰ মিশ্ৰাৰ কাষৰ ৮C আসনত অডিঅ'লজীৰ চিকিৎসকগৰাকী বহি আছিল । চিকিৎসক ভট্টাচাৰ্যই সংবাদ মাধ্যমক জনোৱা মতে শংকৰ মিশ্ৰ সুৰাৰ নিচাত অনিয়ন্ত্ৰিত হৈ পৰিছিল । দুপৰীয়াৰ আহাৰৰ সময়ত তেওঁ চাৰি গিলাচ হুইস্কি সেৱন কৰিছিল ।

চিকিৎসক সুগাতা ভট্টাচাৰ্যই কৈছিল যে তেওঁ পূৰ্বেও আৰু ঘটনাৰ পাছতো সুৰা সেৱন কৰিছিল । যাৰ বাবে তেওঁক মাতাল যেন লাগিছিল । তেওঁ ইমান সুৰাপান কৰিছিল যে সহযাত্ৰী চিকিৎসকগৰাকীক তিনিবাৰ একেটা প্ৰশ্নই সুধিছিল যে তেওঁৰ সন্তানে কি কৰে ? আনকি বিমানৰ ক্ৰু মেম্বাৰৰ ওচৰলৈ গৈ মিশ্ৰক আৰু সুৰা নিদিবলৈও আহ্বান জনাইছিল ।

চিকিৎসকগৰাকীয়ে জনোৱা মতে তেওঁৰ পিছফালে দুগৰাকী মহিলা যাত্ৰী বহি আছিল । চিকিৎসকগৰাকীয়ে জনোৱা মতে তেওঁ শুই আছিল আৰু মিশ্ৰই যেতিয়া ৯A আসনত যাত্ৰীগৰাকীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল, তাৰ পাছত হোৱা ঘটনাবোৰ তেওঁ প্ৰত্যক্ষ কৰিছিল (Flight Passenger urinates on a woman)।

ইফালে ঘটনাৰ পাছতে মহিলাগৰাকী মিশ্ৰৰ সৈতে কথা পাতিবলৈ কেবিন ক্ৰুৱে সৈমান কৰিছিল । কিন্তু মহিলাগৰাকীয়ে কেৱল কৈছিল যে তেওঁ এজন সুৰাসক্ত ব্যক্তি । প্ৰায় ৬ সপ্তাহ পূৰ্বে সংঘটিত এই ঘটনা এতিয়াও পাহৰিব পৰা নাই চিকিৎসক সুগাতা ভট্টাচাৰ্যই ।

তেওঁ এতিয়াও আচৰিত হয় কিয়নো শৌচাগাৰটো তেওঁলোকৰ আসনৰ চাৰিশাৰীৰ পিছফালে আছিল । কিন্তু মিশ্ৰই কিয় সন্মুখলৈ উঠি গৈ মহিলাগৰাকীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল চিকিৎসকগৰাকীয়ে এতিয়াও বুজি পোৱা নাই । চিকিৎসকগৰাকীয়ে জনোৱা মতে ঘটনাটোৰ পাছত সুৰামত্ত মিশ্ৰ এটা সময়ত টোপনি গৈছিল । অলপ সময়ৰ পাছত মিশ্ৰ সাৰ পাইছিল । তেওঁ সম্বিৎ ঘূৰাই পাইছিল সহযাত্ৰী চিকিৎসকগৰাকীক এটাই কথা কৈছিল যে তেওঁ সমস্যাত পৰিছে ।

ইফালে ভুক্তভোগী মহিলাগৰাকীক চাফ-চিকুণ কৰাত সহায় কৰা কেবিন ক্ৰু সদস্য দুগৰাকীক প্ৰশংসাও কৰে চিকিৎসক ভট্টাচাৰ্যই । এয়াৰ ইণ্ডিয়াৰ এই বিমান যাত্ৰাক লৈ আচৰিত চিকিৎসক ভট্টাচাৰ্য । পাইলটগৰাকীৰ ভূমিকাক লৈও তেওঁ আচৰিত হৈছে । মহিলাগৰাকীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ পাছত তেওঁ আসনখনও সম্পূৰ্ণৰূপে তিতি গৈছিল ।

তেনে পৰিস্থিতিত এখন নতুন আসন দিয়াৰ ক্ষেত্ৰত বিমানৰ কৰ্মচাৰী আৰু পাইলটে বহু পলম কৈ সিদ্ধান্ত লোৱাক লৈ সন্তুষ্ট নহয় চিকিৎসক ভট্টাচাৰ্য । সন্মুখৰ ফালে ৪ খন আসন খালী থকাৰ পাছতো ২ ঘণ্টাৰ পাছত হে মহিলাগৰাকীক আন আসন দিয়াক লৈ আচৰিত হৈছে বিমানখনৰ যাত্ৰী সুগাতা ভট্টাচাৰ্য ।

লগতে পঢ়ক :SC on Assam Meghalaya MoU: মেঘালয় উচ্চ ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.