ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহ - এছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক-Puls

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুনকৈ নিৰ্মাণ হ'বলগীয়া সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব । আজি দিনটোতে জম্মু-কাশ্মীৰৰ ৩৭টা সমষ্টিত জিলা উন্নয়ন পৰিষদৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।

আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যসূচী

author img

By

Published : Dec 10, 2020, 2:15 PM IST

নেশ্যনেল ডেস্ক, ১০ ডিচেম্বৰ:

১) প্ৰধানমন্ত্ৰী মোদীয়ে আজি নতুনকৈ নিৰ্মাণ হ'বলগীয়া সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুনকৈ নিৰ্মাণ হ'বলগীয়া সংসদ ভৱনৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । এই নতুন ভৱনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে লোকসভা বৰ্তমানতকৈ ৩ গুণ ডাঙৰ হ'ব আৰু ৰাজ্যসভাৰ ভৱনো যথেষ্ট ডাঙৰ হ'ব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃত্তিত কোৱা হৈছে যে, এই নতুন ভৱন 'আত্মনিৰ্ভৰ ভাৰত'ৰ এক অংশ আৰু স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে জনতাৰ সংসদ নিৰ্মাণ কৰাৰ ই এক যুগান্তকাৰী সুযোগ, যি ২০২২ চনত স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকীত নৱ ভাৰতৰ প্ৰয়োজন আৰু আকাংক্ষাৰে ৰজিতা খাব ।

২) আজি এছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক-Puls সম্বোধন কৰিব ৰাজনাথ সিঙে

১০ সংখ্যক বাৰ্ষিকী উপলক্ষে বৃহস্পতিবাৰে এছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক-Puls সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ।

৩) গো-হত্যা বিৰোধী আইন প্ৰণয়ন কৰিলে কৰ্ণাটক বিধানসভাই, চি এল পি বৈঠক আহ্বান কংগ্ৰেছ নেতা সিদ্দাৰামেইহৰ

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ লেজিছলেটিভ পাৰ্টীৰ নেতা সিদ্দাৰামেইহে বৃহস্পতিবাৰে পুৱা আহ্বান কৰে দলীয় বৈঠক । আজি পুৱা ১০.৩০ বজাত বৈঠকৰ আহ্বান কৰা হয় । এক সূত্ৰই প্ৰকাশ কৰা মতে, বৈঠকত বুধবাৰে কৰ্ণাটক বিধানসভাই প্ৰণয়ন কৰা গো-হত্যা বিৰোধী আইন সন্দৰ্ভত আলোচনা কৰা হ'ব ।

৪) জম্মু-কাশ্মীৰত ৩৭টা সমষ্টিত আজি অনুষ্ঠিত হৈছে জিলা উন্নয়ন পৰিষদৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ

জম্মু-কাশ্মীৰত বৃহস্পতিবাৰে জিলা উন্নয়ন পৰিষদৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । মুঠ ৩৭টা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । খালী হৈ থকা ৫৮টা চৰপঞ্চ, ২১৮ পঞ্চটা পদৰ বাবে বৃহস্পতিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত কে কে শৰ্মাই কয় যে, পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটদান প্ৰক্ৰিয়া অব্যাহত থাকিব । মুঠ ৩৭টা সমষ্টিৰ ভিতৰত ১৭টা সমষ্টি আছে কাশ্মীৰত আৰু ২০ টা আছে জম্মুত ।

লগতে পঢ়ক:বৰফৰ শুকুলা চাদৰে ঢাকি ধৰিছে জম্মু-কাশ্মীৰৰ পাহাৰীয়া অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.