1- আজি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব কৃষক ইউনিয়ন

আজি কৃষক ইউনিয়নৰ সৈতে আলোচনাৰ বাবে সন্মত হৈছে কেন্দ্ৰীয় চৰকাৰ ৷ এক বিশেষ সূত্ৰে জনোৱা অনুসৰি,বিয়লি ৩ বজাত এই বৈঠক অনুষ্ঠিত হ'ব।উল্লেখ্য যে,ছেপ্তেম্বৰত সংসদত গৃহীত হৈছিল কৃষি আইন ৷ যাৰ পৰিপ্ৰেক্ষিতত কৃষি আইনৰ বিৰোধিতাৰে চতুৰ্থ দিনৰ বাবেও দিল্লীৰ সীমাত কৃষক ৰাইজে অব্যাহত ৰাখিছে আন্দোলন ৷

2-আজি হায়দৰাবাদ পৌৰ নিগম (জিএচএমচি) নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া
আঞ্চলিক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে ব্যাপক ৰূপত প্ৰচাৰ অভিযান চলোৱাৰ অন্তত আজি অনুষ্ঠিত হয় হায়দৰাবাদ পৌৰ নিগম (জিএচএমচি) নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ৷ পুৱা ৭ বজাত আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়াৰ বিয়লি ৬ বজাত অন্ত পৰিব। এই ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব 74লাখ 44হাজাৰ 260গৰাকী ভোটাৰে ৷

3- কৰ্ণাটকত আজিৰে পৰা আৰম্ভ হ'ব যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীৰ চিনাক্তকৰণ কাৰ্যসূচী
আজিৰে পৰা কৰ্ণাটকৰ দক্ষিণ কানাড়া আৰু কৰ্ণাটকৰ অন্যান্য প্ৰান্তত এমাহযোৰা যক্ষ্মা ৰোগীক চিনাক্তকৰণ কাৰ্যসূচীৰ আৰম্ভ হ'ব ৷ এই কাৰ্যসূচীত আশা আৰু ANM সহ 1,398গৰাকী স্বাস্থ্যকৰ্মী জড়িত হোৱাৰ লগতে দুজনীয়া এটা দল গঠন কৰি 500 জনকৈ লোকক পৰীক্ষা কৰিব ৷ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াই জনোৱা অনুসৰি,সৰ্বমুঠ 699টা দল গঠন কৰা হ'ব ৷

4-আজি কৰ্ণাটকৰ মাংগালুৰুত দুচকীয়া বাহনৰ বাবে পুনৰ মুকলি কৰা হ'ব কাৰ ষ্ট্ৰীট
পথ উন্নয়ন আৰু সংশ্লিষ্ট কামৰ বাবে বিগত দুমাহ ধৰি বন্ধ কৰি ৰখা কৰ্ণাটকৰ মাংগালুৰু চহৰৰ ব্যস্ত কাৰ ষ্ট্ৰীট দুচকীয়া বাহনৰ বাবে মুকলি কৰা হ'ব ৷ এই কথা জানিবলৈ দিয়ে দক্ষিণ মাংগালুৰুৰ বিধায়ক ডি.ভেদাভ্যাচা কমথে ৷

5-আজিৰেপৰা পুনৰ খোলা হ'ব ওড়িশাৰ মেডিকেল কলেজসমূহ
ওড়িশা চৰকাৰে আজিৰ পৰা সমগ্ৰ ৰাজ্যতে মেডিকেল কলেজসমূহ পুনৰ খোলাৰ অনুমতি প্ৰদান কৰে ৷ তদুপৰি ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহো পুনৰ পাঠদানৰ বাবে মুকলি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

6-আজিৰেপৰা পুনৰ মুকলি হ'ব পণ্ডিচেৰীৰ মেডিকেল কলেজসমূহ
অৱশেষত 9মাহৰ অন্তত পুনৰ মুকলি হ'ব পণ্ডিচেৰীৰ মেডিকেল কলেজসমূহ ৷ আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, ক'ভিড 19ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য় ৰাখি বন্ধ কৰি ৰখা হৈছিল পণ্ডিচেৰীৰ মেডিকেল কলেজসমূহ ৷

7- 13খন জিলাত সান্ধ্য আইন ঘোষণা ৰাজস্থান চৰকাৰৰ
ক'ভিড 19ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজস্থানৰ 13খনকৈ জিলাত আজিৰেপৰা জাৰি কৰা হৈছে সান্ধ্য আইন ৷ সন্ধিয়া 8বজাৰ পৰা পুৱা 6বজালৈ বলৱৎ থাকিব এই সান্ধ্য আইন ৷

8- আজি শিৱসেনাত যোগদান কৰিব অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে
বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে আজি শিৱসেনাত যোগদান কৰিব ৷ 2019ৰ লোকসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতে কংগ্ৰেছ দল ত্যাগ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷