ETV Bharat / bharat

পশ্চিমবংগত উদ্ধাৰ বহু বিস্ফোৰক সামগ্ৰী - অবৈধ অস্ত্ৰ নিৰ্মাণ কাৰখানা

পশ্চিমবংগত ভোটগ্ৰহণ অব্যাহত থকাৰ সময়তে শনিবাৰে ৰাজ্যখনৰ উত্তৰ ২৪ পৰগনাৰ ভাটপাৰাত এটা অবৈধ অস্ত্ৰ নিৰ্মাণ কাৰখানাৰ পৰা বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰা হৈছে । সম্প্ৰতি বিস্ফোৰক পদাৰ্থ আইন আৰু অস্ত্ৰ আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে ।

পশ্চিবংগত উদ্ধাৰ  বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

author img

By

Published : Apr 12, 2021, 7:33 PM IST

নেশ্যনেল ডেস্ক, ১২ এপ্ৰিল: পশ্চিমবংগত ভোটগ্ৰহণ অব্যাহত থকাৰ সময়তে শনিবাৰে ৰাজ্যখনৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে উত্তৰ ২৪ পৰগণাৰ ভাটপাৰাত এটা অবৈধ অস্ত্ৰ নিৰ্মাণ কাৰখানাৰ পৰা বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে । যিকোনো অপ্ৰীতিকৰ ঘটনাৰ তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সমগ্ৰ ৰাজ্যখনত নিৰ্বাচন আয়োগে সতৰ্কতা অৱলম্বন কৰিছে । ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰা হৈছে । সম্প্ৰতি বিস্ফোৰক পদাৰ্থ আইন আৰু অস্ত্ৰ আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে ।

উল্লেখ্য যে, উত্তৰ ২৪ পৰগনাৰ ভাটপাৰা সমষ্টিত ২২ এপ্ৰিলত ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । তেনে সময়তে এইদৰে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । আঠটা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰথম চাৰিটা পৰ্যায় ইতিপূৰ্বে ২৭ মাৰ্চ, ১ এপ্ৰিল, ৬ এপ্ৰিল আৰু ১০ এপ্ৰিলত অনুষ্ঠিত হৈছে । ২ মে’ত কোনে শেষ হাঁহি মাৰিব সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক: আজি দুখনকৈ আদালতত হাজিৰ হ'ব বিতৰ্কিত বিধায়ক মুখতাৰ আনছাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.