ETV Bharat / bharat

Chaitra Navratri 2023: উপবাসৰ সময়ত আপোনাৰ কামত আহিব এই ৫টা টিপছ

author img

By

Published : Mar 23, 2023, 11:00 AM IST

বহু লোকে উপবাসৰ সময়ত কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । এনে পৰিস্থিতিত আপুনিও এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ তলত দিয়া টিপছসমূহ মানি চলিব পাৰে ।

If you are troubled by acidity and constipation during Chaitra Navratri 2023 fast then follow these 5 tips
উপবাসৰ সময়ত আপোনাৰ কামত আহিব এই ৫টা টিপছ

এইবাৰ ২২ মাৰ্চৰ পৰা আৰম্ভ হৈছে পবিত্ৰ নৱৰাত্ৰি । এই সময়ছোৱাত মা দুৰ্গা দেৱীৰ নটা ৰূপৰ পূজা কৰা হয় । বহু ভক্তই এইটো সময়ত ব্ৰত ৰাখে । উপবাসৰ সময়ত নিমখ, ঘেঁহু, চাউল আদি খাদ্য নিষিদ্ধ বুলি গণ্য কৰা হয় । খাদ্যত ফল-মূল অন্তৰ্ভুক্ত কৰা হয় । নৱৰাত্ৰিৰ সময়ত ৰখা উপবাসে শৰীৰ আৰু মনলৈ বহু স্বাস্থ্য উপকাৰীতা কঢ়িয়াই আনে ।

কিন্তু উপবাসৰ সময়ত ভজা খাদ্য খোৱা আৰু খাদ্যত পৰ্যাপ্ত পৰিমাণৰ আঁহ বা প্ৰ’বায়’টিক অন্তৰ্ভুক্ত নকৰাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ ফলত বহু সময়ত কোষ্ঠকাঠিন্যও হয় । যদি আপুনি উপবাসৰ সময়ত কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৈতে মোকাবিলা কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি কিছুমান টিপছ মানি চলিব পাৰে ।

টেঙা ফল পৰিহাৰ কৰক

উপবাসৰ সময়ত খালী পেটত টেঙা ফল খালে এচিডিটিৰ সমস্যা হ’ব পাৰে । টেঙা ফলৰ ভিতৰত কমলা, আঙুৰ আৰু নেমু ইত্যাদি । তাৰ পৰিৱৰ্তে খাদ্যত কল, চিকুৰ দৰে ফল-মূল অন্তৰ্ভুক্ত কৰিব পাৰে । ই পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে ।

শৰীৰক হাইড্ৰেটেড কৰি ৰাখক

স্বাস্থ্যৰ বাবে হাইড্ৰেটেড হৈ থকাটো অতি প্ৰয়োজনীয় । সেয়ে উপবাসৰ সময়ত পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো উচিত । একেলগে বহুত পানী খোৱাৰ সলনি চিপ চিপ কৰি পানী খাব লাগে । অত্যধিক পৰিমাণৰ পানী খালে পেট ফুলা আৰু এচিডিটিৰ সমস্যা হ’ব পাৰে ।

স্বাস্থ্যকৰ পানীয়

উপবাসৰ সময়ত বাটাৰ মিল্ক আৰু ঠাণ্ডা গাখীৰৰ দৰে স্বাস্থ্যসন্মত পানীয় গ্ৰহণ কৰিব পাৰে । ই আপোনাৰ পেটটো ঠাণ্ডা কৰি ৰাখে । ইয়াৰ বাহিৰেও নাৰিকল পানী খাব পাৰে । ই শৰীৰৰ PH লেভেল বজাই ৰখাত সহায় কৰে লগতে শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ আঁতৰোৱাতো সহায় কৰে ।

ব্যায়াম কৰিবলৈ

এইটো জৰুৰী নহয় যে আপুনি হাই ইনটেনচিটি ৱৰ্কআউট কৰিব লাগিব । যোগাসন আৰু খোজকঢ়াৰ দৰে কামো আপুনি কৰিব পাৰে । ই আপোনাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে । ই পেটত তেজৰ সোঁত বৃদ্ধি কৰে । যাৰ ফলত পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় হয় ।

হাই ফাইবাৰ

খাদ্যত উচ্চ আঁহযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে । কোষ্ঠকাঠিন্যৰ সমস্যা ৰোধৰ বাবে কাম কৰে । আপুনি আপোনাৰ খাদ্য তালিকাত বুকুৰ আটা, মাগুৰ চাউল, মাখানা আৰু ৰাজগিৰিৰ আটা আদি খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে । এই খাদ্যবোৰৰ পৰা আপুনি আঁহ পায় ।

লগতে পঢ়ক: Ramadan 2023: ৰমজানৰ ৰোজা ৰখাৰ সময়ত ডায়েবেটিছ ৰোগীয়ে এনেদৰে লওক নিজৰ স্বাস্থ্যৰ যত্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.