নেচনেল ডেস্ক,১২জুলাই: জম্মু-কাশ্মীৰত নিতৌ সন্ত্ৰাসবাদীয়ে আৰক্ষী আৰু নিৰাপত্তা বাহিনীক লক্ষ্য় কৰি বিভিন্ন ঠাইত স্থাপন কৰি আহিছে বিষ্ফোৰক সামগ্ৰী । ইয়াৰ মাজতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে মঙলবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) উদ্ধাৰ কৰে (IED recovered in Pulwama of South Kashmir)।
এই সন্দৰ্ভত এজন শীৰ্ষ আৰক্ষী বিষয়াই কয়, চৌধুৰী বাগ লিটাৰ এলেকাত এই আই ই ডিটো উদ্ধাৰ কৰা হয় (IED was found in Choudhary Bagh Litter area)। ইয়াৰ পিছত বোমা স্কোৱাডৰ জোৱানৰ দ্বাৰা বিস্ফোৰকবিধ নিষ্ক্ৰিয় কৰা হয় ।
শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, মঙলবাৰে এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত পুলৱামা আৰক্ষী আৰু ৫৫ আৰ আৰ আৰু চিআৰপিএফৰ ১৮২/বিএন-এ ৫কিলোগ্ৰাম ওজনৰ ফায়াৰ ক্ৰেকাৰ লগোৱা এটা গেছ চিলিণ্ডাৰ উদ্ধাৰ কৰে ।
উল্লেখ্য় যে নিৰাপত্তা বাহিনীক আক্ৰমণৰ লক্ষ্য়ৰে সন্ত্ৰাসবাদীয়ে লিটাৰ চৌধুৰীবাগ পথত বিস্ফোৰকবিধ ৰাখিছিল । ইয়াৰ পাছতেই বিস্ফোৰক সংযোগী চিলিণ্ডাৰটো ঠাইতে নিষ্ক্ৰিয় কৰা কৰা হয় । অৱশ্য়ে এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰি কৰে ।
লগতে পঢ়ক:Militants killed in JK: জম্মু-কাশ্মীৰৰ চপিয়ানত এনকাউণ্টাৰ; জইছ-ই-মহম্মদৰ দুজন সদস্য নিহত