ETV Bharat / bharat

IED blast in Jharkhand: নক্সালবিৰোধী অভিযানত অঘটন

author img

By

Published : Dec 10, 2022, 4:12 PM IST

ঝাৰখণ্ডৰ চাইবাচাত চাঞ্চল্যকৰ ঘটনা(Search operation in Chaibasa) । নক্সালবিৰোধী অভিযানৰ সময়তে বিস্ফোৰিত হ'ল IED । পশ্চিম সিংভূমৰ ৰেংৰাত CRPF জোৱানসকলে চলাইছিল অভিযান । বিস্ফোৰণত আহত CRPF কোব্ৰাৰ কেইবাজনো জোৱান ।

ied blast during search operation in chaibasa
নক্সালবাদী বিৰোধী অভিযানত অঘটন

নেশ্যনেল ডেস্ক,১০ ডিচেম্বৰ: ঝাৰখণ্ডৰ চাইবাচাত CRPF ৰ অভিযানৰ সময়তে অঘটন(Search operation in Chaibasa) । IED বিস্ফোৰণ ঘটে CRPF ৰ অভিযানত(IED blast in Jharkhand) । পশ্চিম সিংভূমৰ ৰেংৰাত নক্সালবাদীৰ বিৰুদ্ধে চলাইছিল অভিযান । তালাচী অভিযান চলাই থকাৰ সময়তে নক্সালবাদীয়ে স্থাপন কৰা এটা IED বিস্ফোৰণ ঘটে । বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত হয় CRPF কোব্ৰাৰ কেইবাজনো জোৱান(CRPF jawan injured in IED blast) । ততাতৈয়াকৈ আহত জোৱানসকলক হেলিকপ্টাৰৰ সহায়ত প্ৰেৰণ কৰা হয় ৰাঁচীলৈ ।

জানিব পৰা মতে, নক্সালবাদীৰ বিৰুদ্ধে তালাচী অভিযানৰ সময়ত বৰকেলা অঞ্চলত CRPF জোৱানসকলে নক্সালবাদীসকলক ঘেৰি ধৰিবলৈ চেষ্টা কৰিছিল । তেনেসময়তে নক্সালবাদীসকলে স্থাপন কৰা এটা IED বিস্ফোৰিত হয় । উল্লেখ্য যে ইয়াৰে এগৰাকী জোৱানৰ ভৰিত স্প্লিন্টাৰ লাগিছে বুলি জানিব পৰা গৈছে । বৰ্তমানো উক্ত অঞ্চলত নক্সালবাদী বিৰোধী অভিযান অব্যাহত আছে ।

লগতে পঢ়ক: IIT Guwahati Suicide Case : IIT ৰ D-022 নং কোঠাত আত্মহত্যা অধ্যাপকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.