ETV Bharat / bharat

গৃহ-আধাৰিত আৰএটি কিটত আইচিএমআৰৰ অনুমোদন - দ্ৰুত এণ্টিজেন পৰীক্ষা

ক'ভিড-19 ৰ বাবে গৃহ-আধাৰিত দ্ৰুত এণ্টিজেন পৰীক্ষা (আৰএটি) কিটৰ অনুমোদন জনালে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ৷ বুধবাৰে আইচিএমআৰে দ্ৰুত এণ্টিজেন পৰীক্ষা (আৰএটি) কিটৰ অনুমোদন দিয়ে ৷ পুনেৰ মাইলেব ডিস্ক'ভাৰী চলিউশ্যন লিমিটেডে প্ৰস্তুত কৰি উলিয়াইছে এই গৃহ-আধাৰিত দ্ৰুত এণ্টিজেন পৰীক্ষা কিট ৷

icmr approves home based rapid antigen testing kit for covid
গৃহ-আধাৰিত আৰএটি কিটত আইচিএমআৰৰ অনুমোদন
author img

By

Published : May 20, 2021, 2:09 PM IST

নেচনেল ডেস্ক, 20 মে': ভাৰতত ক'ভিড-19 ৰ বাবে গৃহ-আধাৰিত দ্ৰুত এণ্টিজেন পৰীক্ষা (আৰএটি.) কিটৰ অনুমোদন ৷ বুধবাৰে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) এ দ্ৰুত এণ্টিজেন পৰীক্ষা (আৰএটি.) কিটৰ অনুমোদন জনায় ৷ অৱশ্যে, এই কিট কেৱল লক্ষণযুক্ত ব্যক্তি আৰু পৰীক্ষাগাৰে নিশ্চিত কৰা পজিটিভ কেচৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা উচিত বুলি আইচিএমআৰে পৰামৰ্শ প্ৰদান কৰিছে ৷

icmr approves home based rapid antigen testing kit for covid
বুধবাৰে আইচিএমআৰে দ্ৰুত এণ্টিজেন পৰীক্ষা (আৰএটি) কিটৰ অনুমোদন দিয়ে

দেশৰ শীৰ্ষ স্বাস্থ্য গৱেষণা সংস্থাই কৈছিল যে পুনেৰ মাইলেব ডিস্ক'ভাৰী চল্যুশ্যন লিমিটেডে প্ৰস্তুত কৰি উলিওৱা গৃহ-আধাৰিত দ্ৰুত এণ্টিজেন পৰীক্ষা কিটে বৈধতা লাভ কৰাৰ লগতে অনুমোদনো লাভ কৰিছে ৷

জানিব পৰা মতে, এই দ্ৰুত এন্টিজেন পৰীক্ষাৰ বাবে কেৱল নাকৰ স্বাৱৰহে প্ৰয়োজন হ'ব ৷ সংস্থাটোৱে কয় যে, ব্যৱহাৰকাৰী মেনুৱেলত নিৰ্মাতাই বৰ্ণনা কৰা প্ৰক্ৰিয়া অনুসৰিহে প্ৰক্ৰিয়াটো পৰিচালনা কৰা উচিত ৷

এক পৰামৰ্শ জাৰি কৰি কেৱল লক্ষণযুক্ত ব্যক্তি আৰু পৰীক্ষাগাৰে নিশ্চিত কৰা পজিটিভ ঘটনাৰ ক্ষেত্ৰতহে দ্ৰুত এণ্টিজেন পৰীক্ষা (আৰএটি) ব্যৱহাৰ কৰিব লাগে বুলি জানিবলৈ দি আইচিএমআৰে ঘৰতে ক'ভিড পৰীক্ষা কৰাৰ বিৰুদ্ধে লোকসকলক সতৰ্ক কৰি দিয়ে ৷ পৰামৰ্শটোত চিকিৎসা গৱেষণা পৰিষদে এইবুলিও কয় যে, আৰএটি কিটৰ জড়িয়তে পজিটিভ চিনাক্ত হোৱা সকলো লোককে প্ৰকৃত পজিটিভ ৰোগী হিচাপে গণ্য কৰা হ'ব আৰু এইক্ষেত্ৰত পুনৰ কোনো পৰীক্ষা কৰাৰ প্ৰয়োজন নাথাকিব ৷

লগতে পঢ়ক: ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিলে ৰাজস্থান চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.