ETV Bharat / bharat

ভাৰতীয় বায়ুসেনাই আগন্তুক বছৰৰ ভিতৰত মকৰল কৰিব মহিলা অগ্নিবীৰ

author img

By

Published : Oct 8, 2022, 11:50 AM IST

শনিবাৰে চণ্ডীগড়ত ভাৰতীয় বায়ু সেনাৰ 90 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচী চলি আছে (90th anniversary of Indian Air Force) ।

IAF
IAF

নিউজ ডেস্ক, ৮ অক্টোবৰ : "অগ্নিপথ আঁচনিৰ জৰিয়তে ভাৰতীয় বায়ুসেনাত (Indian Air Force) বিমান যোদ্ধাসকলক অন্তৰ্ভুক্ত কৰাটো আমাৰ সকলোৰে বাবে এক প্ৰত্যাহ্বান । কিন্তু অধিক গুৰুত্বপূৰ্ণভাৱে, ভাৰতৰ যুৱপ্ৰজন্মৰ সম্ভাৱনাক ব্যৱহাৰ কৰা আৰু ইয়াক ৰাষ্ট্ৰৰ সেৱাত প্ৰয়োগ কৰাটো আমাৰ বাবে এক সুযোগ । আমি অহা বছৰৰ পৰা মহিলা অগ্নিবীৰৰ (women Agniveers in Indian Air Force) অন্তৰ্ভুক্তিৰ পৰিকল্পনা কৰি আছোঁ । আন্তঃগাঁথনি সৃষ্টিৰ প্ৰক্ৰিয়া চলি আছে ।"

শনিবাৰে চণ্ডীগড়ত অনুষ্ঠিত ভাৰতীয় বায়ুসেনা দিৱস, ২০২২-ৰ পেৰেড পৰিদৰ্শনৰ পিছত ভাৰতীয় বায়ুসেনাৰ মুৰব্বী এয়াৰ মাৰ্শ্বেল পি আৰ চৌধুৰীয়ে (IAF Chief Air Marshal PR Choudhari) এনেদৰে কয় ।

"আমি আমাৰ কাৰ্যকৰী প্ৰশিক্ষণ পদ্ধতি সলনি কৰিছোঁ যাতে প্ৰতিজন অগ্নিবীৰ ভাৰতীয় বায়ুসেনাত কেৰিয়াৰ আৰম্ভ কৰিবলৈ সঠিক দক্ষতা আৰু জ্ঞানেৰে সজ্জিত হয় । এই বছৰৰ ডিচেম্বৰত আমি প্ৰাৰম্ভিক প্ৰশিক্ষণৰ বাবে 3,000 অগ্নিবীৰ বায়ু (Agniveer Vayu) অন্তৰ্ভুক্ত কৰিম । এই সংখ্যা অনাগত বছৰবোৰত বৃদ্ধি পাব ।" আইএএফ মুৰব্বীগৰাকীয়ে লগতে কয় ।

উল্লেখ্য, ভাৰতীয় বায়ুসেনাই শনিবাৰে সুখনা হ্ৰদত ইয়াৰ ৯০ বছৰীয়া প্ৰতিষ্ঠা উদযাপনৰ কৰ্যসূচী আৰম্ভ কৰিছে (90th anniversary of Indian Air Force) । দিল্লী-এনচিআৰৰ বাহিৰত বাৰ্ষিক কুচকাৱাজ আৰু ফ্লাই-পাষ্ট প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defence Minister Rajnath Singh) আজি পুৱা বাহিনীটোক শুভেচ্ছা জনায় ।

"ভাৰতীয় বায়ুসেনা দিৱসত সকলো সাহসী ভাৰতীয় বায়ুসেনাৰ বিমান যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ । আইএএফ (IAF) ইয়াৰ বীৰত্ব, উৎকৃষ্টতা, পাৰদৰ্শিতা আৰু পেছাদাৰিত্বৰ বাবে জনাজাত । ভাৰতে নীলা ৰঙৰ পুৰুষ আৰু মহিলাৰ বাবে গৌৰৱান্বিত । তেওঁলোকক নীলা আকাশ আৰু শুভ অৱতৰণৰ শুভেচ্ছা জনাইছোঁ ।" ৰাজনাথ সিঙে টুইটত এনেদৰে কয় ।

উল্লেখ্য, আইএএফে হ্ৰদটোত প্ৰায় 80 খন সামৰিক বিমান আৰু হেলিকপ্টাৰৰ অংশগ্ৰহণেৰে এঘণ্টীয়া বিমান প্ৰদৰ্শনী অনুষ্ঠিত কৰিব । ইয়াৰ ভিতৰত আছে শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা স্বদেশীভাৱে নিৰ্মিত লাইট কমবেট হেলিকপ্টাৰ (LCH) 'প্ৰচণ্ড'ৰ (Light Combat Helicopter Prachand) ফ্লাই-পাষ্টৰ সময়ত আকাশী শক্তি প্ৰদৰ্শন ।

লগতে পঢ়ক :আজিৰে পৰা লক্ষ্ণৌত ৮১ সংখ্যক ইণ্ডিয়ান ৰোড কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.