নিউজ ডেস্ক, 31 ডিচেম্বৰ : ভাৰতীয় বায়ুসেনাই ইয়াৰ অন্তৰ্গত কাম-কাজ নিয়াৰিকৈ চলাই নিয়াৰ বাবে বৃহস্পতিবাৰে মুকলি কৰে এক ই-পৰ্টেল ৷ বায়ুসেনাৰ কাম-কাজ কাগজ বিহীনভাৱে চলাবলৈ মুকলি কৰা হয় এইটো ই-প্ৰশাসন পৰ্টেল ৷ বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই বাহিনীটোৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত বায়ু ভৱনত মুকলি কৰে পৰ্টেলটো ৷
বায়ুসেনাই এক চৰকাৰী বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ৷ সেই অনুসৰি, এতিয়াৰে পৰা ভাৰতীয় বায়ুসেনাই বাহিনীটোৰ বিভিন্ন কাম কাজ কাগজৰ পৰিৱৰ্তে ডিজিটেল মাধ্যমেৰে সম্পন্ন কৰিবলৈ সক্ষম হ’ব বুলি কোৱা হৈছে ৷
ডিজিটেল ইণ্ডিয়াৰ অধীনত গ্ৰহণ কৰা সিদ্ধান্তৰ ফলশ্ৰুতিত বায়ুসেনাই এই পৰ্টেলটো মুকলি কৰে ৷ ইয়াৰ ফলত বায়ুসেনাৰ কাৰ্যদক্ষতা বৃদ্ধি পোৱাৰ লগতে কামৰ বোজাও কম হৈ পৰিব বুলি কোৱা হয় বিজ্ঞপ্তিটোত ৷ ইয়াক কাগজৰ ব্যৱহাৰ কম কৰিবলৈ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা ঘোষণা কৰে বায়ুসেনা প্ৰধানে ৷ সমগ্ৰ প্ৰকল্পটো 2020ৰ এপ্ৰিলত আৰম্ভ কৰা হৈছিল আৰু 2021ৰ 1 জানুৱাৰীত সম্পন্ন হৈ পৰিব বুলি কোৱা হৈছে ৷
লগতে পঢ়ক : ভাৰতক চিয়াচীন উপহাৰ দিয়া কৰ্ণেল নৰেন্দ্ৰ বুল কুমাৰৰ মৃত্যু