নিউজ ডেস্ক, ২৪ জুন : টলিউডক জোকাৰি যোৱা ড্ৰাগছ গেংটোৰ আঁৰত বহু চেলিব্ৰিটিৰ নাম সাঙোৰ খাই পৰিছে । উল্লেখ্য, ড্ৰাগছৰ গোচৰত তেলেগু চলচ্চিত্ৰ 'কাবালি'ৰ প্ৰযোজক সুঙ্কাৰা কৃষ্ণপ্ৰসাদ ওৰফে কেপি চৌধুৰীক গ্ৰেপ্তাৰ কৰাটোৱে ছবি জগতৰ উপৰি ৰাজনৈতিক তথা ব্যৱসায়িক জগততো তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে । আনহাতে, যিসকলে এই ড্ৰাগছ ক্ৰয় কৰি আছিল তেওঁলোকৰ তালিকাও আৰক্ষী জিম্মাৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হৈছে । উল্লেখ্য যে চলিত মাহৰ ১৪ তাৰিখে কেপি চৌধুৰীক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে যথেষ্ট প্ৰমাণ সংগ্ৰহ কৰিছে ।
গুগল ড্ৰাইভত কোকেইন ক্ৰয় কৰা লোকসকলৰ এখন তালিকা লাভ কৰা হৈছে । প্ৰতিবেদনত ফটোসহ তেওঁলোকৰ বিৱৰণ প্ৰকাশ কৰা হৈছে । তাৰে ভিতৰত তেলেগু ৰাজ্যখনৰ ১২ গৰাকী চলচ্চিত্ৰ আৰু টিভি অভিনেতা, মডেল আৰু ব্যৱসায়ী আছে । তেওঁলোকৰ ভিতৰত আছে বেজাৱাড়া ভাৰত, চিন্তা সাই প্ৰসন্ন, চিন্তা ৰাকেশ ৰোশন, নাল্লা ৰতন ৰেড্ডী, ঠাকুৰ ভিজ ওৰফে ঠাকুৰ প্ৰসাদ মতুৰী, তেজা চৌধুৰী ওৰফে ৰঘু তেজা, বন্তেৰু চৱন ৰেড্ডী, ছানা মিশ্ৰ, শ্বেতা, সুশান্ত, নিতিনেশ, ভি অনুৰোপ । লগতে প্ৰমাণ লাভ কৰা গৈছে যে তেওঁলোক সকলোৱে স্নেহিট হিলছত চিক্কি ৰেড্ডীৰ বাসগৃহত পাৰ্টী কৰাৰ সময়ত কোকেইন গ্ৰহণ কৰিছিল । লগতে কোৱা হৈছে যে দুগৰাকী চলচ্চিত্ৰ পৰিচালক, দুগৰাকী অভিনেত্ৰী আৰু কিছুসংখ্যক ৰাজনৈতিক ব্যক্তিও তাৰ ভিতৰত আছে । অৱশ্যে এই বিষয়ে সবিশেষ প্ৰকাশ কৰা হোৱা নাই ।
উল্লেখ্য যে কেপি চৌধুৰীৰ চাৰিটা চেল ফোনত শ শ চেলিব্ৰিটিৰ ফোন নম্বৰ আছে । তেওঁলোকৰ ভিতৰত প্ৰায় ২০ জনৰ সৈতে চাৰিৰ পৰা পাঁচ মাহৰ ফোন কল পোহৰলৈ আহিছে । আনহাতে, এইটোও নিশ্চিত কৰা হৈছে যে তেওঁৰ বেংক একাউণ্টত লাখ লাখ টকাৰ লেনদেন কৰা হৈছে ।
চলিত বছৰৰ মে' মাহত কেপি চৌধুৰী তেওঁৰ বন্ধু বেজাৱাড়া ভাৰতৰ সৈতে বেংগালুৰুলৈ গৈছিল । তাত সপ্তাহান্তিক পাৰ্টীৰ সময়ত বৃহৎ পৰিমাণত কোকেইন ক্ৰয় আৰু বিক্ৰী সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছিল । পিছত কেপি চৌধুৰীয়ে অন্ধ্ৰপ্ৰদেশৰ ভীমাভাৰামৰ বাসিন্দা সুৰেশ ৰাজুৰ সৈতে ফোনত বাৰ্তালাপ কৰিছিল । পিছত তেওঁ হনুমাকোণ্ডাৰ অনুৰূপৰ সৈতে এশবাৰ ফোনত কথা পাতিছিল ।
আনহাতে, চৌধুৰীয়ে পাঞ্জাগুট্টাৰ পুষ্পক কেবৰ গৰাকী ৰতন ৰেড্ডী আৰু চলচ্চিত্ৰ অভিনেত্ৰী আশু ৰেড্ডীৰ সৈতেও বহুবাৰ ফোনত কথা পাতিছিল । তেওঁ হায়দৰাবাদৰ ডঃ সুধীৰ, চলচ্চিত্ৰ তাৰকা জ্যোতি আৰু আমেৰিকাৰ ডি অমৰৰ সৈতেও কথা পাতিছিল । চৌধুৰীয়ে গোৱাৰ এজন ৰেষ্টুৰেণ্ট মেনেজাৰ মণীষ শ্বাহৰ বেংক একাউণ্টলৈ ৮৫,০০০ টকা প্ৰেৰণ কৰিছিল ।
ইয়াৰ উপৰি অন্ধ্ৰপ্ৰদেশৰ মঙ্গলাগিৰিৰ পৰা শ্বেখ খাজাৰ বেঙ্ক একাউণ্টত ২ লাখ টকা আৰু বিহাৰৰ কৌশিক আগৰৱালাৰ একাউণ্টত ২ লাখ টকা লেনদেন কৰিছিল । আৰক্ষীয়ে বেংক একাউণ্টবোৰ কোনে পৰিচালনা কৰি আছে তাৰ ওপৰত অনুসন্ধান কৰি আছে । সেইবোৰ ড্ৰাগছ সৰবৰাহকাৰীসকলে আন নামেৰে ব্যৱহাৰ কৰি আছে নেকি তাৰ ওপৰতো অনুসন্ধান কৰি আছে ।
লগতে পঢ়ক :CBI Probe of Manipur Violence : ইম্ফলত অস্ত্ৰ লুণ্ঠনৰ তদন্তত চিবিআই দলক বাধা ২ হাজাৰ মহিলাৰ