ETV Bharat / bharat

Explosion in a paint industry: ১৪ জন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ; ১১ জনৰ অৱস্থা সংকটজনক

author img

By

Published : Jul 17, 2023, 2:05 PM IST

তেলেংগানাৰ ৰংগাৰেড্ডী জিলাৰ ডায়েপাৰ আৰু ৰং নিৰ্মাণৰ কাৰখানাত বিস্ফোৰণৰ ঘটনা ৷ নিমিষতে জুইৰ লেলিহান শিখাই ঘেৰি ধৰে কাৰখানাটো ৷ এই ঘটনাত প্ৰায় ১৪ জনকৈ লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

Explosion in a paint industry
১৪ জন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ

নিউজ ডেস্ক, ১৭ জুলাই : তেলেংগানাৰ ৰংগাৰেড্ডী জিলাৰ ফাৰুকনগৰ মণ্ডলৰ বুৰগুলাৰ উপকণ্ঠ অঞ্চলত অৱস্থিত শ্ৰীনাথ ৰোটো পেক প্ৰাইভেট লিমিটেডৰ ডায়েপাৰ আৰু ৰং নিৰ্মাণৰ কাৰখানাত দেওবাৰে নিশা সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা ৷ এই ঘটনাত গুৰুতৰভাৱে অগ্নিদগ্ধ হয় প্ৰায় ১৪ জনকৈ লোক ৷ আনহাতে আন কেইবাজনো লোক সামান্যভাৱে অগ্নিদগ্ধ হয় ৷

প্ৰাপ্ত তথ্য মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত কাৰখানাটোত ৫০ জনতকৈ অধিক শ্ৰমিক কৰ্মৰত হৈ আছিল ৷ শ্ৰমিকসকলে কাম কৰি থকা সময়তে হঠাতে ৰং নিৰ্মাণৰ মেচিনটো বিস্ফোৰণ ঘটে আৰু জুইৰ লেলিহান শিখাই কাৰখানাটো চানি ধৰে ৷ তেওঁলোকে জুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷ ইফালে অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ পাচতেই ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে । জানিব পৰা মতে, এই অগ্নিকাণ্ডত হতাহত হোৱা আটাইকেইজন লোকৰ বয়স ৩০ বছৰৰ তলৰ ।

অগ্নিকাণ্ডত হতাহত হোৱা লোকসকলক ততাতৈয়াকৈ শদনগৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাচত চিকিৎসকে জানিবলৈ দিয়া মতে, ১৪ জন ব্যক্তিৰ ভিতৰত ১১ জন ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হৈছে । তেওঁলোকৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদৰ গান্ধী আৰু ওছমানিয়া হাস্পতাললৈ স্থানান্তৰ কৰা হয় । আন একাংশ লোকক ডি আৰ ডি অ’ হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে ।

আনহাতে, সামান্য অগ্নিদগ্ধসকলৰ তিনিজনক ঘৰলৈ যাবলৈ দিয়া হয় । ইফালে আৰক্ষীয়ে ঘটনাস্থলীত তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, দুৰ্ঘটনাটোত আহত আটাইকেইজন জীৱিকাৰ বাবে চহৰখনলৈ আহিছিল । তেওঁলোকে কাম কৰা উদ্যোগৰ ওচৰৰ গাঁওবোৰত বাস কৰি আছে ।

লগতে পঢ়ক : Khaderpet Banian Market fire : তামিলনাডুত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি গ'ল ৫০ৰো অধিক কাপোৰৰ দোকান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.