নেশ্যনেল ডেস্ক, 1 ছেপ্টেম্বৰ : মৰম, বিশ্বাস, ভালপোৱা সকলো আজি মিহলি হ’ল ধূলিৰ লগত ৷ বিবাহৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্ৰুতি আজি অসাৰ হ’ল এগৰাকী মহিলাৰ ক্ষেত্ৰত ৷ বিবাহৰ পূৰ্বে দিয়া মৰমৰ প্ৰতিটো বাণী আজি কটু বাক্যলৈ পৰিণত হ’ল ৷
বিবাহৰ পূৰ্বে ‘‘শকত হ’লেও তুমি মোৰ, ক্ষীণ হ’লেও তুমি মোৰ’’ - এই কথাযাৰ আজি অসাৰ প্ৰতিপন্ন হ’ল এগৰাকী মহিলাৰ বাবে ৷ কিয়নো বিবাহৰ 8 বছৰৰ পাচত শকত হোৱাৰ বাবেই স্বামীয়ে বিবাহ বিচ্ছেদ কৰিলে মহিলাগৰাকীৰ সৈতে (Husband gave triple talaq when wife become fat) ৷ আমি ক’বলৈ লোৱা ঘটনাটো উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ ৷
উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ এগৰাকী মহিলা শকত হোৱাৰ বাবেই স্বামীয়ে তিনি তালাকৰ এখন জাননী প্ৰেৰণ কৰে (Triple talaq cases in meerut) ৷
বিবাহ বিচ্ছেদৰ জাননী পাই শোকত ভাগি পৰে ভুক্তভোগী মহিলাগৰাকী ৷ তাৰ পাচত এই সন্দৰ্ভত মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে বহুবাৰ এই সন্দৰ্ভত কথা পাতিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু মহিলাগৰাকীৰ স্বামীয়ে কোনোপধ্যেই কথা পাতিবলৈ আগ্ৰহী নহয় মহিলাগৰাকীৰ সৈতে ৷ ইফালে তেওঁলোকৰ আছে এটা 7 বছৰীয়া পুত্ৰ সন্তানো ৷
উপায়ন্তৰ হৈ ভুক্তভোগী মহিলাগৰাকীয়ে কাষ চাপে জিলাখনৰ লিচাদিগেট আৰক্ষীৰ ৷ তাৰ পাচত মহিলাগৰাকীয়ে আৰক্ষীৰ আগত সকলো কথা বৰ্ণনা কৰে ৷ এতিয়া ন্যায়ৰ আশাত পণবন্দী উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ ভুক্তভোগী মহিলাগৰাকী ৷
লগতে পঢ়ক : কৰ্ণাটকৰ মুৰুঘা মঠৰ মুখ্য ধৰ্মগুৰুৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ অনুৰোধ এনচিপিচিআৰৰ