ETV Bharat / bharat

স্বাধীনতা দিৱসৰ পতাকা উত্তোলনস্থলীতে স্বামীয়ে ডিঙি কাটি হত্যা কৰিলে পত্নীক

দেশে ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়তে সংঘটিত হ'ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড(Murder on Independence Day) । পতাকা উত্তোলনস্থলীতে স্বামীয়ে ডিঙি কাটি হত্যা কৰিলে পত্নীক(Husband kills wife by slitting her throat) ।

author img

By

Published : Aug 16, 2022, 12:10 PM IST

husband dragged his wife on the road and cut her throat
স্বাধীনতা দিৱসৰ পতাকা উত্তোলনস্থলীতে স্বামীয়ে ডিঙি কাটি হত্যা কৰিলে পত্নীক

নেশ্যনেল ডেস্ক,১৬ আগষ্ট: সোমবাৰে দেশে উদযাপন কৰিলে ৭৫ বছৰীয়া স্বাধীনতা দিৱস । দেশবাসী স্বাধীনতা দিৱসৰ আনন্দ উচাহত মগ্ন হৈ থকাৰ সময়তেই তেলেংগনাৰ কৰিমনগৰ জিলাৰ কেচাৱপত্তনমত সংঘটিত হ'ল এক নিৰ্মম হত্যাকাণ্ড(Murder on Independence Day) । ৰাষ্ট্ৰীয় পতাকা উত্তোলনস্থলীতে স্বামীয়ে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰিলে দুটি সন্তানৰ মাতৃক ।

ঘটনাৰ বিৱৰণী অনুসৰি কেচাৱপত্তনমৰ চিৰিশা এগৰাকী অংগনাবাড়ী কৰ্মী হিচাপে কৰ্মৰত(Husband murder an Anganwadi) । সোমবাৰৰ দিনা দেশৰ অন্যান্য প্ৰান্তৰ দৰে চিৰিশাই নিজৰ অংনাবাড়ী কেন্দ্ৰত পতাকা উত্তোলন কৰি উপস্থিত ছাত্ৰ ছাত্ৰীসকলক মিঠাই বিতৰণৰ প্ৰস্তুতি চলাইছিল । ঠিক তেনে সময়তে হঠাৎ চিৰিশাৰ স্বামী কনকাম প্ৰবীন উপস্থিত হৈ চিৰিশাক পথলৈ তানি আনি চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে(Husband kills wife by slitting her throat) । ঘটনাতো সংঘটিত হোৱাৰ সময়ত প্ৰবীনক বাধা দিবলৈ যোৱা এজন যুৱককো প্ৰবীনে চুৰিৰে আঘাট কৰে । ফলত সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰবীনক বাধা দিবলৈ যোৱা কুমাৰ নামৰ যুৱকজন ।

পাৰিবাৰিক কাৰণতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । কিয়নো জানিব পৰা মতে, প্ৰবীন আৰু চিৰিশা প্ৰেমত পৰি বিবাহ পাশত আৱদ্ধ হৈছিল । ৮ আৰু ৯ বছৰীয়া দুটা সন্তানেৰে চলি আছিল সুখৰ সংসাৰ । কিন্তু বিগত কিছুদিন ধৰি পতি-পত্নীৰ মাজত পাৰিবাৰিক কন্দলৰ সুত্ৰপাত হয় । যাৰ পৰিণতিত চিৰিশাই স্বামী প্ৰবীনলৈ বিবাহ বিচ্ছেদৰ জাননী জাৰি কৰে । যাৰ পৰিণতিত প্ৰবীনে চিৰিশাক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

জানিব পৰা মতে ঘাতক স্বামী কনকাম প্ৰবীন বৰ্তমান পলাতক । ইতিমধ্যে আৰক্ষীয়ে প্ৰবীনক বিচাৰি আৰম্ভ কৰিছে তদন্ত । উক্ত ঘটনাৰ এক উচিত বিচাৰৰ দাবী কৰিছে স্থানীয় ৰাইজে । ঘটনাক লৈ আজিও সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ।

লগতে পঢ়ক: আজি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.