ETV Bharat / bharat

মাটিৰ তলত উদ্ধাৰ 750 কেজি গাঞ্জা

নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে নিৰন্তৰ আৰক্ষীৰ অভিযান (Anti drug operation) অব্যাহত থকাৰ পাচতো কিন্তু সৰবৰাহকাৰী থমকি ৰোৱা নাই ৷ নতুন নতুন কৌশলেৰে সৰবৰাহ কৰি আহিছে নিচাযুক্ত সামগ্ৰী (Drug smuggling in North east)৷ এইবাৰ মাটিৰ তলত ওলাইছে গাঞ্জা ৷

author img

By

Published : Mar 28, 2022, 10:16 AM IST

huge amount of cannabis seized in Tripura
মাটিৰ তলত উদ্ধাৰ 750 কেজি গাঞ্জা

আগৰতলা, 28 মাৰ্চ : ছঘন্টীয়া এক যুটীয়া অভিযানৰ অন্তত বি এছ এফ আৰু ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja recovered in Tripura)৷ দেওবাৰে দুপৰীয়া 1 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ আশাবাৰী দুপাৰিয়াবান্ধ অঞ্চলত অভিযান চলাই ত্ৰিপুৰা আৰক্ষী আৰু বি এছ এফৰ দলে ৷ তথ্য অনুসৰি, আশাবাৰীৰ এটা পৰিত্যক্ত অঞ্চলত বৃহৎ পৰিমাণৰ গাঞ্জা মজুত ৰখাৰ গোপন তথ্য লাভ কৰিছিল বি এছ এফৰ এজন জোৱানে ৷

সেই সূত্ৰ পম খেদি বি এছ এফ জোৱান আৰু আৰক্ষীৰ দলে সেই স্থানত গৈ অভিযান চলায় (Anti drug operation in Tripura) ৷ এই অভিযান কালত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয় (Cannabis seized in Tripura)৷ কেইবাটাও ড্ৰামত ভৰাই মাটিত পুতি থোৱা হৈছিল গাঞ্জাখিনি ৷ তথ্য মতে, 15 টা নীলা ৰঙৰ ড্ৰামত 750 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে অভিযানকাৰী দলে ৷ জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় 50 লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে ৷

বাংলাদেশলৈ সৰবৰাহৰ বাবে মজুত কৰি ৰখা হৈছিল গাঞ্জাখিনি ৷ কিন্তু সৰবৰাহৰ পূৰ্বে আৰক্ষী আৰু বি এছ এফে জব্দ কৰিবলৈ সক্ষম হ’ল গাঞ্জাখিনি ৷ কিন্তু গাঞ্জাখিনি মজুত কৰি ৰখা কোনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটো ৷ আৰক্ষী বৰ্তমানলৈকে এই বিষয়ত কোনো গোচৰ ৰুজু কৰিব পৰা নাই ৷

লগতে পঢ়ক : ডাবল ইঞ্জিন চৰকাৰে নিচাত ডুবাইছে ত্ৰিপুৰাক : সুবল ভৌমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.