ETV Bharat / bharat

Road Accident in Himachal : হিমাচলত খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ; আহত কেইবাজনো - HRTC bus accident in Mandi Himachal

হিমাচলৰ মাণ্ডি জিলাৰ কাৰচোগত সংঘটিত হয় এটা ডাঙৰ দুৰ্ঘটনা (Road Accident in Himachal Pradesh) । কাৰচোগত যাত্ৰীভৰ্তি এখন বাছ এটা খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাটোত বহু যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী তথা প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছে । সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে ।

Road Accident in Himachal
Road Accident in Himachal
author img

By

Published : Jun 1, 2023, 1:54 PM IST

নিউজ ডেস্ক, ১ জুন : হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ কাৰচোগত সংঘটিত হৈছে এক বাছ দুৰ্ঘটনা (Road Accident in Himachal Pradesh) । হিমাচল ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছ খাৱৈত বাগৰি পৰে (HRTC bus accident in Mandi Himachal) । দুৰ্ঘটনাটোৰ সময়ত বাছখনত ৪৭ জন যাত্ৰী থকা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, দুৰ্ঘটনাটোৰ ফলত কেইবাজনো যাত্ৰী আহত হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোক গৈ দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীক অৱগত কৰে । বৰ্তমান আৰক্ষী, প্ৰশাসন আৰু স্থানীয় লোকৰ লগতে এইচআৰটিচিৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত আছে আৰু উদ্ধাৰ অভিযান চলি আছে ।

বৃহস্পতিবাৰে পুৱা সংঘটিত এই দুখজনক ঘটনাটোত বাছখন ৰাস্তাৰ পৰা প্ৰায় ৩০০ ফুট দ খাৱৈত বাগৰি পৰে (HRTC bus accident in Karsog Himachal Pradesh) । চালক আৰু কণ্ডাক্টৰকে ধৰি ৪৫ জন যাত্ৰী কঢ়িয়াই নিয়া বাছখন পুৱা প্ৰায় ১০ বজাত এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় । যাৰ ফলত বহু যাত্ৰী আঘাতপ্ৰাপ্ত হয় । অৱশ্যে ইমান এটা ডাঙৰ দুৰ্ঘটনা সত্ত্বেও ভাগ্যৰ বলত যাত্ৰীসকল অধিক দুৰ্যোগৰ পৰা ৰক্ষা পৰে । আঘাতপ্ৰাপ্ত যাত্ৰীসকলক তাৎক্ষণিক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

প্ৰকাশিত বাতৰি অনুৰি, দুৰ্ঘটনাটো মাণ্ডি-কাৰচোগ ৰোডৰ ভানেৰাৰ ওচৰত সংঘটিত হয় । এটা একা-বেঁকা এই পথছোৱা অতি বিপদসংকুল আৰু দুৰ্ঘটনা প্ৰৱণ । আনহাতে, বিভাগীয় কৰ্তৃপক্ষই দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ অনুসন্ধান কৰি আছে । অৱশ্যে এতিয়ালৈকে দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে কোনো নিশ্চিত সিদ্ধান্তত উপনীত হোৱা নাই ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে জম্মুতো এক ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছিল । পঞ্জাবৰ পৰা বৈষ্ণোদেৱী মন্দিৰলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ খাৱৈত বাগৰি পৰিছিল । উক্ত দুৰ্ঘটনাটোত ১০ জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় । অৱশ্যে হিমাচল প্ৰদেশত সংঘটিত এই দুৰ্ঘটনাৰ ফলত কোনো লোকৰ মৃত্যুৰ খবৰ এতিয়ালৈকে পোৱা হোৱা নাই ।

লগতে পঢ়ক :Train caught fire at Kannur Railway station: কন্নুৰ ৰে’লৱে ষ্টেচনত ৰে’লত লাগিল জুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.