তেজপুৰ, ১৫ নৱেম্বৰ : বহু প্ৰতিক্ষীত বলীউদৰ বিগ বাজেটৰ ছবি ‘ফাইটাৰ’ৰ দৃশ্যগ্ৰহণ হ’ব উষানগৰীত ৷ ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে ইতিমধ্যে তেজপুৰত বাহৰ পাতিছেহি চুপাৰষ্টাৰ ঋত্বিক ৰোশনে ৷ তেজপুৰৰ বায়ুসেনাৰ ঘাটিত চুপাৰষ্টাৰগৰাকীত সোমবাৰে দেখা গ’ল চুপাৰষ্টাৰগৰাকীক (Hrithik Roshan in Tezpur)।
প্ৰিয় অভিনেতাগৰাকীক ওচৰত দেখি অনুৰাগীসকলে হাত জোঁকাৰি অভিবাদন জনায় । উল্লেখ্য যে, অভিনেতাগৰাকীয়ে নিজৰ অভিনয়ৰ বাবে প্ৰস্তুতিৰ অংশ হিচাবে তেজপুৰ এয়াৰ বেছৰ(Military air base in Salonibari) কৰ্মীসকলৰ সৈতে জড়িত হ’ব আৰু তেওঁলোকৰ সৈতে ঘনিষ্ঠভাৱে সময় কটাব । ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰতৰ প্ৰথমখন এৰিয়েল একচনধৰ্মী ছবি ‘ফাইটাৰ’ৰ(Bollywood movie Fighter) প্ৰডাকচনৰ কাম আৰু ঋত্বিক ৰোশনে মুম্বাইৰ বাহিৰত ১০ দিনীয়া শ্বুটিং কৰিব ।
উল্লেখ্য যে, ৱাৰখ্যাত পৰিচালক সিদ্ধাৰ্থ আনন্দৰ সৈতে ঋত্বিক ৰোশনৰ এইখন তৃতীয়খন ছবি ৷ ইয়াৰ পূৰ্বে বেং বেং আৰু ৱাৰত সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত অভিনয় কৰিছিল ঋত্বিক ৰোশনে ৷ আনহাতে ‘ফাইটাৰ’ত ঋত্বিক ৰোশনৰ গুৰুৰ চৰিত্ৰত অভিনয় কৰিব অনিল কাপুৰে, য’ত দীপিকা পাডুকনে মুখ্য চৰিত্ৰত অভিনয় কৰিব (Deepika Padukone with Hrithik Roshan) । উল্লেখ্য যে, ঋত্বিক ৰোশনৰ বিপৰীতে দীপিকা পাডুকনে প্ৰথমবাৰৰ বাবে অভিনয় কৰিব ৷
অনিল কাপুৰ আৰু দীপিকা পাডুকনো বৃস্পতিবাৰে তেজপুৰ বায়ুসেনাৰ ঘাটিত উপস্থিত হ’ব বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে (Anil Kapoor to arrive in Tezpur)। উল্লেখ্য যে, 2023 চনৰ ২৮ ছেপ্টেম্বৰত ছবিখনে মুক্তিলাভ কৰিবলগীয়া কথা আছিল যদিও মুক্তিৰ তাকিখৰ কিছু সালসলনি হোৱাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক: Aamir Khan latest news: ছবিজগতৰ পৰা বিদায় লৈছে আমীৰ খানে