সাধাৰণতে শীতকালত উফিৰ সমস্যাৰ সৈতে আমি সন্মুখীন হ'বলগীয়া হয় । তেনে স্থলত আমি উফিৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ অলিভ অইল ব্যৱহাৰ কৰিব পাৰে । ই কেৱল উফিৰ সমস্যাৰ সৈতে মোকাবিলা কৰাই নহয় আপোনাৰ চুলি মজবুত কৰাতো সহায় কৰে । আনহাতে, চুলিৰ শুষ্কতা দূৰ কৰা, নিৰ্জীৱ চুলি কোমল কৰাতো উপকাৰী (olive oil for hair) ৷
উফিৰ পৰা মুক্তি পাবলৈ অলিভ অইলৰ সৈতে প্ৰাকৃতিক সামগ্ৰী মিহলাই ল’ব পাৰে (Can olive oil get rid of dandruff) । এইবোৰে চুলিক গভীৰভাৱে পুষ্টি প্ৰদানৰ কাম কৰে (How To Use Olive Oil To Treat Dandruff) । চুলিৰ বাবে কি কি উপায়েৰে অলিভ অইল ব্যৱহাৰ কৰিব পাৰে জানো আহক-
অলিভ অইল মালিচ কৰক(Massage with olive oil)
এটা বাটিত অলিভ অইল লওক । এই তেল গৰম কৰি লওক । এই তেলেৰে কিছু সময় মূৰ মালিচ কৰক । চুলিৰ ওপৰত প্ৰায় ৪০ৰ পৰা ৪৫ মিনিটমান ৰাখিব । ইয়াৰ পিছত চুলিখিনি চেম্পুৰে ধুব । চুলিৰ বাবে এই তেল সপ্তাহত ১ৰ পৰা ২ বাৰ ব্যৱহাৰ কৰিব পাৰে ।
অলিভ অইল আৰু নহৰু ব্যৱহাৰ কৰক(Use olive oil and garlic)
প্ৰথমে ৭-৮ টা নহৰুৰ ফুটা পিহি লওক । তাত অলিভ অইল দিব । এই দুয়োটা বস্তু গৰম কৰক । এতিয়া এই মিশ্ৰণটো গৰম কৰক । ইয়াৰ পিছত ইয়াক জুইৰ পৰা আঁতৰাই দিয়ক । কিছু সময় ঠাণ্ডা হ’বলৈ দিব । ইয়াৰ পিছত এই তেলেৰে মূৰৰ ছাল আৰু চুলিত মালিচ কৰিব কৰক । এঘণ্টা ধৰি ৰাখিব । ইয়াৰ পিছত চুলিখিনি মাইল্ড চেম্পুৰে ধুব । সপ্তাহত ১ৰ পৰা ২ বাৰ ব্যৱহাৰ কৰিব পাৰে ।
অলিভ অইল আৰু মৌ ব্যৱহাৰ কৰক(Use olive oil and honey)
এটা বাটিত অলিভ অইল আৰু মৌ লওক । এই দুয়োটা বস্তু সমান পৰিমাণে মিহলাই লওক । এতিয়া এই মিশ্ৰণেৰে মূৰৰ ছাল আৰু চুলি মালিচ কৰক । ৩০ৰ পৰা ৪০ মিনিট মান ৰাখিব । ইয়াৰ পিছত চুলিখিনি মাইল্ড চেম্পুৰে ধুব । সপ্তাহত ১ৰ পৰা ২ বাৰ ব্যৱহাৰ কৰিব পাৰে ।
অলিভ অইল আৰু এলোভেৰা ব্যৱহাৰ কৰক(Use olive oil and aloe vera)
এটা বাটিত ১ৰ পৰা ২ চামুচ ঠাণ্ডা চেপি লোৱা অলিভ অইল খাব । ইয়াত ২ৰ পৰা ৩ চামুচ এলোভেৰা জেল দিব । এই দুয়োটা বস্তু মিহলাই লওক । ইয়াৰে মুৰৰ ছালখন মালিচ কৰক । ৪০ৰ পৰা ৪৫ মিনিট মান ৰাখিব । ইয়াৰ পিছত চুলিখিনি মাইল্ড চেম্পুৰে ধুব । সপ্তাহত ১ৰ পৰা ২ বাৰ ব্যৱহাৰ কৰিব পাৰে ।
অলিভ অইল আৰু দৈ ব্যৱহাৰ কৰক(Use olive oil and yogurt)
এটা বাটিত ১ৰ পৰা ২ চামুচ ঠাণ্ডা কৰি লোৱা অলিভ অইল ল'ব । তাত ২ৰ পৰা ৩ চামুচ দৈ দিব । এই দুয়োটা বস্তু ভালদৰে মিহলাই লওক । ইয়াৰ পিছত এই তেলেৰে মূৰৰ ছাল আৰু চুলিত মালিচ কৰিব কৰক । ৩০ৰ পৰা ৪০ মিনিট মান ৰাখিব । ইয়াৰ পিছত চুলিখিনি মাইল্ড চেম্পুৰে ধুব । সপ্তাহত ১ৰ পৰা ২ বাৰ ব্যৱহাৰ কৰিব পাৰে ।
লগতে পঢ়ক: Skin care tips: জাৰৰ দিনত ছালখনক সজীৱ কৰি ৰাখিবলৈ লওক এই উপায়