ETV Bharat / bharat

ননী উৎপাদনেৰে কৃষক বাপী ঘোষে আৰোগ্য কৰিছে বহু জটিল ৰোগ - দুই কানি মাটিত ননী খেতি কৰিছে ঘোষে

স্বাৱলম্বিতাৰ অন্যতম এক নিদৰ্শন বাপী ঘোষ ৷ দুই কানি মাটিত ননী খেতি কৰিছে ঘোষে ৷ এই ফলবিধৰ আছে বহু ঔষধীয় গুণাগুণ ৷ ফলবিধৰ পৰা প্ৰস্তুত কৰা ঔষধৰ জৰিয়তে কৰ্কট ৰোগীও আৰোগ্য হৈ পৰা বুলিও দাবী কৰিছে বাপী ঘোষে ৷

ননী উৎপাদন
ননী উৎপাদন
author img

By

Published : Jan 15, 2021, 5:51 PM IST

নিউজ ডেস্ক, 15 জানুৱাৰী : স্বাৱলম্বিতাৰ অন্যতম এক নিদৰ্শন বাপী ঘোষ ৷ দুই কানি (স্থানীয় মাটিৰ জোখ) মাটিত কৰা এক বিশেষ ফলৰ খেতি দেখিলে সকলো আচৰিত হৈ পৰিব ৷ আমৰ দৰে হালধীয়া ৰঙৰ ফলবিধ দেখিলে সকলোৰে খাই চাবলৈ মন যায় ৷ কিন্তু এই ফলবিধৰ গোন্ধ পালে খোৱাৰ পাচত উকলিয়াই দিবলৈ বাধ্য হৈ পৰে সকলো ৷

বাপী ঘোষ

কিন্তু এই ফলবিধৰ নাম ননী বুলি জানিবলৈ দিয়াৰ লগতে বাপী ঘোষে কয় যে, ফলবিধৰ আছে বহু ঔষধীয় গুণাগুণ ৷ ফলবিধ খাবলৈ সোৱাদযুক্ত নহ'লেও ই বিভিন্ন ৰোগৰ নিৰাময় কৰে ৷

চৰকাৰী তথ্যৰ পৰা জানিব পৰা গৈছে যে, এই ফলবিধৰ খেতি কৰা তেওঁ একমাত্ৰ ব্যক্তি ৷ এই ফলবিধ খেতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে তেওঁ গাড়ী চালকৰ চাকৰি ত্যাগ কৰিছিল ৷ ছেপাহীজালা জিলাৰ গোলাঘাটীস্থিত নিজ ঘৰৰ পাছফালে তেওঁ প্ৰথমাৱস্থাত ফলবিধৰ খেতি কৰে ৷ ঘৰৰ মাটিত সফলতা লাভ কৰাৰ পাচতে তেওঁ ওচৰৰে ধান খেতিৰ পথাৰতে মাটি আধিলৈ লৈ ননী খেতি আৰম্ভ কৰে ৷

ননী উৎপাদন
ননী উৎপাদনেৰে কৃষক বাপী ঘোষে আৰোগ্য কৰিছে বহু জটিল ৰোগ

কিদৰে তেওঁ এই খেতি আৰম্ভ কৰিলে সেই সম্পৰ্কত ঘোষে কয়, "2014 চনৰ পৰাই মই এই খেতিৰ সৈতে জড়িত হৈ আছো ৷ এই বছৰ এনৰেগা আঁচনিৰ অধীনত 2 কানি মাটিত মই খেতি আৰম্ভ কৰিছো ৷ এই ক্ষেত্ৰত চৰকাৰী সহযোগিতা লাভ কৰিলে অধিক মাটিত এই খেতি আৰম্ভ কৰিব পাৰিম ৷"

ঘোষে ভাবে যে, এই খেতিৰ জৰিয়তে যুৱচামে জীৱিকাৰ বাট মুকলি কৰিব পাৰিব ৷ তেওঁৰ মতে, "ননীৰ বহু গুণাগুণ আছে ৷ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামেও এই ফলবিধ সম্পৰ্কত মন্তব্য আগবঢ়াইছিল ৷ এই ফলবিধ সম্পৰ্কত জানিব বিচাৰিলে গুগল অথবা ইউ টিউবৰ সহায় ল'ব পাৰিব ৷"

ত্ৰিপুৰাত এই ফলবিধৰ খেতি অন্য লোকেও কৰিছে যদিও ইয়াৰ সঠিক ব্যৱহাৰ কৰা নাই ৷ কিন্তু ফলবিধৰ সঠিক ব্যৱহাৰ কৰাৰ বাবেই অন্য কৃষকসকলৰ পৰা ঘোষ পৃথক হিচাপে বিবেচিত হৈ পৰিছে ৷ কিয়নো তেওঁ কেৱল নিজেই আহৰণ কৰাই নহয় প্ৰায় 12 জনৰো অধিক লোকক প্ৰদান কৰিছে জীৱিকা ৷ ননীৰ পৰা তৈয়াৰী আচাৰ, থলুৱাভাৱে নিৰ্মিত টেবলেট আৰু পানীয় বিভিন্ন ব্যৱসায়ীৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন স্থানত বিক্ৰী কৰা হৈছে ৷

বাপীয়ে নিজৰ এন্টাৰপ্ৰাইজৰ কোনো অফিচিয়েল নাম প্ৰদান কৰা নাই যদিও তেওঁৰ দ্বাৰা প্ৰস্তুত কৰা এই সামগ্ৰীসমূহে লাভ কৰিছে বিভিন্নজনৰ প্ৰশংসা ৷ চ'ছিয়েল মিডিয়াতো যোগাত্মক সঁহাৰি লাভ কৰিছে ননীৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহে ৷

ইটিভি ভাৰতক ঘোষে প্ৰদান কৰা কিছুমান ভিডিঅ'ত দেখা গৈছে যে, ননী ব্যৱহাৰ কৰি বহু লোকে চালৰ ৰোগৰ পৰা উপশম লাভ কৰিছে ৷ তেওঁ কয়, "এই খেতিৰ সৈতে 15 ৰ পৰা 20 জন লোক জড়িত হৈ আছে ৷ এই ফলৰ পৰা আমি বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰিছো যেনে আচাৰ, টেবলেট আৰু পানীয় ৷ বহু ৰোগীয়ে এই ফল ব্যৱহাৰ কৰি বিভিন্ন ৰোগৰ পৰা উপশম লাভ কৰিছে ৷"

অল'পেথিক দৰৱেও হাৰ মানিবলৈ বাধ্য হোৱা কৰ্কটৰ লগতে অন্যান্য ৰোগীকো ঘোষে চিকিৎসা প্ৰদান কৰা বুলি দাবী কৰিছে ৷ লগতে তেওঁ দাবী কৰে যে, এই ৰোগীসকলক আৰু চিকিৎসাৰ প্ৰয়োজন নাই ৷

ঘোষে কয়, "30 ৰ পৰা 40 বছৰ ধৰি চালৰ ৰোগত আক্ৰান্ত ৰোগীকো মই লগ পাইছো ৷ এনে প্ৰাণনাশী ৰোগত আক্ৰান্ত লোকৰ সৈতে মিলিত হৈছো ৷ বহু চিকিৎসা কৰিও তেওঁলোকে উপশম পাবলৈ সক্ষম হোৱা নাছিল ৷ কিন্তু ননী ব্যৱহাৰ কৰি তেওঁলোক সুস্থ হৈ উঠিছে ৷ উচ্চ ৰক্তচাপ, ছুগাৰ আৰু কৰ্কটৰ দৰে ৰোগ এই ফলবিধে আৰোগ্য কৰি তুলিছে ৷"

আনহাতে, ৰাজ্য চৰকাৰেও এনে কৃষকসকলক উৎসাহিত কৰিব চেষ্টা কৰাটোও এক যোগাত্মক দিশ হিচাপে পৰিগণিত হৈছে ৷ বাপীৰ মাটিত বৰ্তমান 1,14,720 টকা খৰছ কৰি এখন ননী বাগিছা গঢ়ি তোলা হৈছে ৷

এই সম্পৰ্কত ছেপাহীজালাৰ জিলা মেজিষ্ট্ৰেট বিশ্বশ্ৰী বিয়ে কয়, "ছেপাহীজালা জিলাৰ গোলাঘাটীত ননী খেতি, জামপুইজালাত পাৰ্ল কালচাৰ, চাৰিলামত আপেলৰ বাগিছা আদিত বহু কৃষকে কাম কৰি আছে ৷ তেওঁলোকক বিভিন্ন সহায়-সহযোগিতা আগবঢ়োৱা হৈছে ৷ এনৰেগা আঁচনিৰ জৰিয়তে পানী যোগান ধৰা হৈছে ৷ ইয়াৰ পাচতে MIDH আৰু অন্যান্য আঁচনি প্ৰদান কৰা হ'ব ৷ চূড়ান্ত পৰ্যায়ত পঞ্চায়তৰ বিভিন্ন আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব ৷"

এই খেতিয়কসকলৰ বাবে বজাৰৰ সুবিধা প্ৰদান কৰিবলৈও জিলা কৰ্তৃপক্ষই চিন্তা-চৰ্চা কৰা বুলি বিশ্বশ্ৰী বিয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : সৈনিক দিৱসত প্ৰথমবাৰলৈ সেনাৰ ড্ৰোণ অভিযানৰ প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.