ETV Bharat / bharat

ক'ভিডৰ দ্বিতীয় ষ্ট্ৰেইন: শিশু সকলক কিদৰে সংক্ৰমন কৰিব ?

author img

By

Published : May 18, 2021, 5:47 PM IST

ক'ভিডৰ দ্বিতীয়টো ষ্ট্ৰেইনে ভাৰতত অতি বেয়াকৈ সংক্ৰমিত কৰিব ধৰিছে । নতুন সংক্ৰমণৰ হাৰ ধাৰাবাহিক ভাৱে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে । এই দ্বিতীয় ষ্ট্ৰেইনটোৱে প্ৰাপ্তবয়স্ক সকলৰ লগতে শিশু সকলকো অসুস্থ কৰি তোলা দেখা গৈছে । এইবাৰ সংক্ৰমণৰ হাৰ আৰু শিশু সকলৰ ওপৰত ইয়াৰ প্ৰভাৱ যোৱা বছৰতকৈ বেছি হোৱা দেখা গৈছে । এই সম্পৰ্কত ই টিভি ভাৰতে ডা৹ বিজয়ানন্দা জামালপুৰীৰ সৈতে লৈছিল এক বিশেষ সাক্ষাৎকাৰ । ডা৹ জামালপুৰী হাইদৰাবাদৰ ৰেইনব' শিশু হাস্পতালৰ চিকিৎসক ।

ক'ভিডৰ দ্বিতীয় ষ্ট্ৰেইন: শিশু সকলক কিদৰে সংক্ৰমন কৰিব ?
ক'ভিডৰ দ্বিতীয় ষ্ট্ৰেইন: শিশু সকলক কিদৰে সংক্ৰমন কৰিব ?

ক'ভিডৰ দ্বিতীয়টো সংক্ৰমণে প্ৰাপ্তবয়স্ক সকলক বেছিকৈ সংক্ৰমণিত কৰিছে । কিন্তু ই শিশু সকলকো সংক্ৰমণিত কৰিব পাৰে । যদিও শিশু সকলৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সুযোগ কম, তথাপিও প্ৰয়োজনীয় সতৰ্কতা সমূহ গ্ৰহণ নকৰিলে ক'ভিডৰ এই দ্বিতীয় সংক্ৰমণে শিশু সকলকো প্ৰভাৱিত কৰিব পাৰে । জানিবৰ বাবে পঢ়ক এই প্ৰতিবেদন ।

ক'ভিডৰ দ্বিতীয়টো ষ্ট্ৰেইনে ভাৰতত অতি বেয়াকৈ সংক্ৰমিত কৰিব ধৰিছে । নতুন সংক্ৰমণৰ হাৰ ধাৰাবাহিক ভাৱে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে । এই দ্বিতীয় ষ্ট্ৰেইনটোৱে প্ৰাপ্তবয়স্ক সকলৰ লগতে শিশু সকলকো অসুস্থ কৰি তোলা দেখা গৈছে । এইবাৰ সংক্ৰমণৰ হাৰ আৰু শিশু সকলৰ ওপৰত ইয়াৰ প্ৰভাৱ যোৱা বছৰতকৈ বেছি হোৱা দেখা গৈছে । এই সম্পৰ্কত ই টিভি ভাৰতে ডা৹ বিজয়ানন্দা জামালপুৰীৰ সৈতে লৈছিল এক বিশেষ সাক্ষাৎকাৰ । ডা৹ জামালপুৰী হাইদৰাবাদৰ ৰেইনব' শিশু হাস্পতালৰ চিকিৎসক ।

ক'ভিডৰ প্ৰথম আৰু দ্বিতীয় সংক্ৰমণ :

ডা৹ বিজয়ানন্দে কয় যে, ক'ভিডৰ প্ৰথম সংক্ৰমণৰ সময়ত শিশু সকল যথেষ্ট সংক্ৰমিত হোৱা নাছিল । তেওঁলোকৰ গাত লক্ষণসমূহ দেখা পোৱা যোৱা নাছিল; কিন্তু তেওঁলোকক পৰীক্ষা কৰা হৈছিল, কাৰণ পৰিয়ালৰ আন সদস্য সকলৰ জৰিয়তে শিশু সকল এই ভাইৰাছৰ সংস্পৰ্শলৈ আহিছিল । কিন্তু এইবাৰ দ্বিতীয় সংক্ৰমণৰ সময়ত দেখা গৈছে যে, শিশু সকলো পজিটিভ বুলি চিনাক্ত হৈছে । কিছু সংখ্যক শিশুৰ গাত লক্ষণ সমূহো দেখা গৈছে ।

যি কি নহওঁক, এইবাৰৰ সংক্ৰমণৰ হাৰ প্ৰাপ্তবয়স্ক সকলৰ তুলনাত শিশু সকলৰ মাজত কমেই দেখা গৈছে । আঠ বছৰৰ তলৰ শিশু আৰু নতুনকৈ জন্ম হোৱা শিশু সকলো এইবাৰ সংক্ৰমিত হোৱা দেখা গৈছে । জন্মৰ পাছত যিহেতু শিশু মাকৰ সংস্পৰ্শতেই থাকে, গতিকে মাক সকলৰ পৰাও শিশু সকল সংক্ৰমিত হোৱা দেখা গৈছে । যদিও মাকৰ গাখীৰৰ জৰিয়তে শিশু সকল সংক্ৰমিত হোৱাৰ নজিৰ নাই, তেওঁলোক কিন্তু জন্মৰ সময়তে প্লেচেন্তা বা নাড়ীৰ দ্বাৰা সংক্ৰমিত হয় ।

শিশু সকলৰ মাজত কেনে লক্ষণে দেখা দিয়ে ?

শিশু সকলৰ ক্ষেত্ৰত দেখা পোৱা লক্ষণ সমূহৰ ভিতৰত প্ৰধান হ’ল চৰ্দি, কাঁহ আৰু কিছু ডায়েৰীয়াৰ নিছিনা পেটৰ সমস্যা বা বমি হোৱা । আমি দেখিছো যে, যদি শিশু সমূহৰ মাজত এই লক্ষণ সমূহে দেখা দিছে, পৰীক্ষাৰ পিছত তেওঁলোকো ক'ভিড পজিটিভ হিচাবে পোৱা গৈছে । যদিও বমি হোৱা বা পেটৰ সমস্যা সাধাৰণতে বাৰিষা কালতহে বেছিকৈ শিশু সকলৰ গাত দেখা যায়, এইবাৰ গ্ৰীষ্ম কালতেই তেনে লক্ষণ দেখা পোৱা গৈছিল কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে । ১০ বছৰৰ ওপৰৰ বয়সৰ শিশুৰ ক্ষেত্ৰত দেখা যোৱা লক্ষণ সমূহৰ ভিতৰত মূৰৰ বিষ, গা বিষ বা দুৰ্বল ভাৱেই প্ৰধান । গোন্ধ আৰু সোৱাদ নোপোৱাটোও তেওঁলোকৰ মাজত হ’ব পাৰে, যাৰ বাবে তেওঁলোকে খাবলৈ ইচ্ছা প্ৰকাশ নকৰে ।

শিশু সকলৰ সমস্যাটো কিমান গম্ভীৰ?

বেছিভাগ শিশুৰ ক্ষেত্ৰতে লক্ষণ সমূহ দেখা গৈছে যদিও, মাত্ৰ সামান্য পৰিমাণে আৰু বেছি বেয়া পৰিস্থিতি শিশু সকলৰ মাজত দেখা যোৱা নাই । কিন্তু তথাপিও এই লক্ষণ সমূহৰ বিষয়ে জনা ভাল, যাতে হাস্পতাললৈ নিয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে জানিব পৰা যায় ।

১. সামান্য লক্ষণ দেখা পোৱা শিশু সকলৰ ভিতৰত জ্বৰ উঠা, কাঁহ বা ডিঙিৰ সুৰসুৰণি, বমি হোৱা বা ডায়েৰীয়াৰ লক্ষণ দেখা যায় । যদি এইবোৰ নাথাকে, তেন্তে ধাৰণা কৰিব পাৰি যে তেওঁলোক ঠিকেই আছে আৰু উশাহৰ সমস্যাও দেখা নাযায় ।

২. যদি অলপ বেছি লক্ষণ দেখা যায়, তেন্তে তেওঁলোকে উশাহ লওতে কষ্ট হোৱা বা জোৰকৈ উশাহ লবলৈ চেষ্টা কৰা দেখা যায় ।

৩. পৰিস্থিতি বেয়া হলে দেখা যায় যে, শিশু সকলৰ নিমোনিয়া হৈছে ক'ভিডৰ ফলত আৰু অক্সিজেনৰ মাত্ৰা সৰ্বসাধাৰণতকৈ কমি যায় । তেওঁলোকে উশাহৰ কষ্ট, বুকুৰ বিষ অনুভৱ কৰিব পাৰে । দুৰ্বলতা, এলাহ ভাৱ বা দিনটো টোপনিয়াই থকাটোও এটা লক্ষণ হ'ব পাৰে ।

শিশু সকলৰ মাজত কেতিয়াবা জটিল পৰিস্থিতিৰ সৃষ্টি হব পাৰে, য'ত তেওঁলোকক ব্লাড প্ৰেচাৰ চাপৰ্ট বা ডায়েলিছিছৰ প্ৰয়োজন হ’ব পাৰে; কিন্তু এনে পৰিস্থিতিৰ সম্ভাৱনা খুৱেই কম ।

হাস্পতালৰ প্ৰয়োজনীয়তা:

যোৱা বছৰৰ সংক্ৰমণতকৈ এইবাৰ শিশু সকলক চিকিৎসালয়লৈ নিয়াৰ প্ৰয়োজনীয়তা অলপ বেছি দেখা গৈছে যদিও প্ৰাপ্তবয়স্ক সকলৰ তুলনাত এই হাৰ খুবেই কম । চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও শিশু সকলে সোনকালেই আৰোগ্য লাভ কৰা দেখা গৈছে । তেওঁলোকৰ মাজত আইচিইউ ব্যৱহাৰৰ প্ৰয়োজনীয়তা খুব কম বা নাই যেন দেখা গৈছে ।

লগতে পঢ়ক- বিশ্ব উচ্চ ৰক্তচাপ দিৱস ২০২১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.