ETV Bharat / bharat

Delhi Frankfurt Vistara flight : মাজ আকাশত শিশু বিমান যাত্ৰীৰ শৰীৰত পৰিল গৰম পানীয় - Flight UK25

ভিষ্টাৰৰ বিমান UK25 ত অঘটন ৷ মাজ আকাশতে এটি 10 বছৰীয়া কণমানিৰ গাত পৰিল গৰম পানীয় ৷ ফলত গুৰুতৰভাৱে আহত হয় 10 বছৰীয়া কণমানিটি ৷

Delhi-Frankfurt Vistara flight
ভিষ্টাৰৰ বিমান UK25 ত অঘটন
author img

By

Published : Aug 17, 2023, 8:09 AM IST

নেশ্যনেল ডেস্ক, 17 আগষ্ট : বিগত 11 আগষ্টৰ দিনা জাৰ্মানীৰ ফ্ৰেংকফৰ্টত উৰুত গৰম পানীয় পৰা ফলত আঘাতপ্ৰাপ্ত হয় এটি দহ বছৰীয়া কণমানি ৷ মাক-দেউতাকৰ সৈতে বিমানেৰে যাত্ৰা কৰি থকাৰ সময়তে মধ্য আকাশত সংঘটিত হয় এই ঘটনাটো ৷ গৰম পানীয় ভৰ্তি পাত্ৰটোৰ ঢাকোনখন ভালদৰে নলগোৱা বুলি বিমান পৰিচাৰিকাৰ বিৰুদ্ধে অভিযোগ তুলিছে শিশুটিৰ অভিভাৱকে ৷ লগতে শিশুটিৰ পিতৃ-মাতৃয়ে এয়া বিমানখনৰ ক্ৰু মেম্বাৰৰ গাফিলতি বুলিও অভিযোগ কৰে ৷

“Flight UK25 ৰ এজন ক্ৰু মেম্বাৰ পিচলি যোৱাত তাৰা নামৰ এটি 10 বছৰীয়া কণমানিটোৰ গাত গৰম চকলেট পানীয়খিনি পৰি যায় ৷ ফলত তাৰাৰ বাওঁ উৰুত জ্বলা-পোৰা আৰম্ভ হয় । তাৰ পাচতে বিমানখনত থকা এজন পেৰামেডিকেল চিকিৎসাকৰ্মীয়ে তাৎক্ষণিকভাৱে তাৰাক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ।’’ সংবাদ সংন্থা ANI ক এইদৰে কয় ভুক্তভোগী কণমানিটো অভিভাৱকে ।

ভুক্তভোগী কণমানিটো অভিভাৱকে আৰু কয় যে পৰৱৰ্তী পৰ্যায়ত তাৰাক ছানা ক্লিনিকাম অফেনবাচলৈ লৈ যোৱা হয় ৷ য’ত ডাঃ নাৱাৰ বুন্নীয়ে বিষ আৰু জ্বলা-পোৰা উপশমৰ বাবে 1 গ্ৰাম মৰ্ফিন প্ৰদান কৰে । উল্লেখ্য যে, বিগত 11 আগষ্টত নতুন দিল্লীৰ পৰা ভিষ্টাৰৰ বিমান UK25 ৰে ফ্ৰেংকফৰ্টলৈ যাত্ৰা কৰিছিল তাৰা আৰু তেওঁৰ পিতৃ-মাতৃ ৷ দিল্লীৰ পৰা ফ্ৰেংকফৰ্টলৈ যোৱা অৱস্থাতে এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় ৷

ইফাল উক্ত ঘটনাটো সন্দৰ্ভত ভিষ্টাৰা বিমান কৰ্তৃপক্ষই এক বিবৃতিযোগে কয়, ‘‘বিমানখনত কণমানিজনীয়ে উৎপাত কৰি আছিল ৷ ক্ৰমাৎ কণমানিজনীৰ উৎপাত বাঢ়ি গৈছিল ৷ এটা সময়ত কণমানিজনীৰ বাবে তেওঁৰ অভিভাৱকে গৰম চকলেটৰ পানীয় আনিবলৈ কেবিন ক্ৰুক অনুৰোধ কৰিছিল ৷ কণমানিজনীৰ অভিভাৱকৰ অনুৰোদ মৰ্মে কেবিন ক্ৰুৱে কণমানিজনীক গৰম চকলেটৰ পানীয় পৰিৱেশন কৰিব ওলাওতেই কণমানিজনীৰ উৎপাতৰ বাবে তেওঁৰ ওপৰত পানীয়খিনি ছিটিকি পৰে ৷ যাৰ ফলতে সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো’’ ৷

ভিষ্টাৰা বিমান কৰ্তৃপক্ষৰ বিবৃতিত উল্লেখিত কৰে, “SOP ৰ সৈতে সংগতি ৰাখি আমাৰ ক্ৰুৱে তৎক্ষণাত প্ৰয়োজনীয় অনুসৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছিল ৷ লগতে বিমানখনত থকা এজন পেৰামেডিকেলৰ পৰাও সহায় বিচাৰিছিল ৷ যিয়ে বিমানখন ফ্ৰেংকফৰ্টত অৱতৰণ নোহোৱালৈকে কণমানিজনীক চোৱাচিটা কৰি আছিল’’ ।

ভিষ্টাৰাৰ মুখপাত্ৰই উল্লেখ কৰা অনুসৰি, বিমানখন অৱতৰণ কৰাৰ লগে লগে ফ্ৰেংকফৰ্ট বিমানবন্দৰত কণমানিজনীক চিকিৎসা সেৱা আগবঢ়োৱা হয় ৷ লগতে ভুক্তভোগীৰ পৰিয়ালক চিকিৎসা খৰচ সম্পূৰ্ণ পৰিশোধৰ প্ৰস্তাৱো দিয়া হয় ।

লগতে পঢ়ক : Rahul on 2 days visit to Ladakh: দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখলৈ ৰাওনা হোৱাৰ সম্ভাৱনা ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.