তেজপুৰ, ২১ জুলাই : অৰুণাচল প্ৰদেশত ৬ বছৰৰ অন্তত পোহৰলৈ আহিছে এটা ধৰ্ষণ আৰু উৎপীড়নৰ ঘটনা । জঘন্য অপৰাধটো উত্তৰ পূবৰ ৰাজ্যখনৰ সীমান্তৱৰ্তী শি-য়োমি জিলাত সংঘটিত হৈছিল । এখন চৰকাৰী আৱাসী বিদ্যালয়ত সংঘটিত হৈছিল চাঞ্চল্যকৰ ধৰ্ষণ আৰু উৎপীড়নৰ ঘটনাটো । জানিব পৰা মতে উক্ত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰাবাসত মুঠ ২১ গৰাকী কিশোৰ আৰু কিশোৰীক উৎপীড়ন আৰু যৌন নিৰ্যাতন চলোৱা হৈছিল ।
বিদ্যালয়খনত পঢ়ি থকা নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগত অৰুণাচল প্ৰদেশৰ বিশেষ অনুসন্ধানকাৰী দলে (এছআইটি) কাৰোত থকা চৰকাৰী আৱাসিক বিদ্যালয়খনৰ হোষ্টেল ৱাৰ্ডেন য়ুমকেন বাগৰাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে । অৱশ্যে অভিযুক্তগৰাকীক আদালতে জামিন প্ৰদান কৰাত কাৰাগাৰৰ বাহিৰত আছিল ।
জানিব পৰা মতে নৱেম্বৰৰ আৰম্ভণিতে জিলাখনৰ পিডি চক্ৰত এগৰাকী নাবালিকাক উৎপীড়ন চলোৱাৰ অভিযোগত বাগৰা ২০২২ চনৰ ৪ নৱেম্বৰৰ পৰা পলাতক হৈ আছিল । বাগৰাৰ বিৰুদ্ধে যোৱা বছৰ মনিগাঁও আৰক্ষী থানাত পক্স আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছিল । অভিযোগ অনুসৰি দুগৰাকী যমজ ভগ্নীক হোষ্টেলৰ ভিতৰত টিজিইৰ হোষ্টেল ৱাৰ্ডেনে যৌন নিৰ্যাতন চলাইছিল । এছআইটি আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে সংবাদ মাধ্যমক জনোৱা মতে ২০১৯-২২ বৰ্ষৰ পৰা কিশোৰ আৰু কিশোৰসহ ৬ ৰ পৰা ১৪ বছৰ বয়সৰ মুঠ ২১ টা শিশুকো যৌন উৎপীড়ন চলোৱাৰ অভিযোগ আছে বাগৰাৰ বিৰুদ্ধে ।
আৰক্ষীয়ে জনোৱা মতে এই ২১ গৰাকী ভুক্তভোগীৰ ভিতৰত ৬ গৰাকীক নিৰন্তৰভাৱে যৌন নিৰ্যাতন চলোৱা হৈছিল । আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁৰ সহযোগী অ' পাৰ্টিন নামৰ এজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে চৰকাৰী বিদ্যালয়খনৰ হোষ্টেল ৱাৰ্ডেনৰ পৰা অশ্লীল ভিডিঅ', গৰ্ভ নিৰোধক সামগ্ৰী আৰু অন্যান্য কিছুমান আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে । ইফালে সমগ্ৰ ঘটনাক লৈ ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দোষীক কঠোৰ শাস্তিৰ দাবী তুলিছে বিভিন্নজনে ।
লগতে পঢ়ক :Pinky Rai Murder case: ফাদিল পিংকী হত্যাকাণ্ডৰ ৰহস্য, পিনাকে ডিঙি চেপি হত্যা কৰিছিল পিংকীক