ETV Bharat / bharat

Horrific road accident: উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু 12 গৰাকীৰ; আহত 24 গৰাকী

চৰণেহে জানে মৰণৰ ঠাই ৷ ভাগৱত কথাৰ বাবে পানী তুলিবলৈ গৈ দুৰ্ঘটনাত পতিতি হ’ল দুখনকৈ ট্ৰেক্টৰ (Road accident in Shahjahanpur)৷ এতিয়ালৈ 12 গৰাকী মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে (Many died in Road accident) ৷

Horrific road accident in Shahjahanpur many died
দলঙৰ ৰেলিং ভাঙি ট্ৰেক্টৰ নদীত বাগৰি 20 গৰাকীৰ মৃত্যু
author img

By

Published : Apr 15, 2023, 9:32 PM IST

Updated : Apr 15, 2023, 9:49 PM IST

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল: উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে (Horrific road accident) ৷ শনিবাৰে দলঙৰ ৰেলিং ভাঙি দুখন ট্ৰেক্টৰ নদীত বাগৰি পৰাৰ ফলত 12 গৰাকী লোকৰ থিতাতে মৃত্যু হয় (Many died in Road accident) ৷ এতিয়াও এই ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে (Road accident in Shahjahanpur) ৷

এই ঘটনাৰ পিচতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে (CM Yogi Adityanath tweet) । মুখ্যমন্ত্ৰীগৰাকীয়ে মৃতকৰ আত্মীয়সকলক 2 লাখ টকা আৰু আহতসকলক 50 হাজাৰকৈ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে ।

ঘটনাৰ বিৱৰণী মতে, তিলহাৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বিৰচিং গাঁৱৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় । আৰক্ষী অধীক্ষক আনন্দ কুমাৰে কোৱা অনুসৰি আজমপুৰ গাঁৱত অনুষ্ঠিত হৈ থকা ভাগৱত কথাৰ বাবে লোকসকলে গাৰা নদীৰ পৰা পানী সংগ্ৰহ কৰিবলৈ আহিছিল । গাঁওখনৰ মানুহসকল দুখন ট্ৰলীত উঠি আহিছিল ।

  • #UPCM @myogiadityanath ने जनपद कन्नौज में हुए सड़क हादसे में हुई जनहानि पर गहरा दुःख प्रकट किया है। मुख्यमंत्री जी ने दिवंगत आत्मा की शांति की कामना करते हुए शोक संतप्त परिजनों के प्रति संवेदना व्यक्त की है।

    मुख्यमंत्री जी ने घायलों को तत्काल अस्पताल पहुंचाकर जिला प्रशासन के…

    — CM Office, GoUP (@CMOfficeUP) April 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

নদীৰ পৰা পানী তোলাৰ পিচত লোকসকলে দুয়োখন ট্ৰলীত বহি গাঁৱলৈ উভতি আহিবলৈ লওঁতেই এই দুৰ্ঘটনাত পতিত হয় । দুয়োখন ট্ৰেক্টৰৰ চালকে ইখনে সিখন বাহনক অভাৰটেক কৰিবলৈ যাওঁতেই ট্ৰেক্টৰখনৰ নিয়ন্ত্ৰণ হেৰাই যোৱাৰ ফলত দলংখনৰ ৰেলিং ভাঙি গাৰা নদীত দুয়োখন ট্ৰেক্টৰ বাগৰি পৰে ৷ ট্ৰেক্টৰ ট্ৰলীখনত প্ৰায় 42 জন লোক বহি আহিছিল, যাৰ বেছিভাগেই মহিলা, বৃদ্ধ আৰু শিশু আছিল ।

দুৰ্ঘটনাটোৰ পিচত, ঘটনাস্থলীত বিকট চিঞৰ বাখৰৰ সৃষ্টি হৈছিল ৷ লগে লগে স্থানীয় লোকে এই ঘটনা পৰিলক্ষিত কৰি আৰক্ষীক অৱগত কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল । কোতৱালীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ শৰ্মাও ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক এম্বুলেন্সযোগে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: Suspected Death in Motihari: বিহাৰত বিষাক্ত সুৰা পানৰ ফলত ১০ জনৰ মৃত্যুৰ সন্দেহ

উল্লেখ্য যে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লগে লগে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱাৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলক তেওঁলোকক সঠিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশনা দিয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলা প্ৰশাসন, এছডিআৰএফ আৰু এনডিআৰএফৰ দল ঘটনাস্থলীত উপস্থিত হৈ সাহায্যৰ কাম আৰম্ভ কৰিছে ৷

Last Updated : Apr 15, 2023, 9:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.