নেশ্যনেল ডেস্ক, ২৩ ফেব্ৰুৱাৰী: যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে অষ্টম মিজোৰাম বিধানসভাৰ সপ্তম অধিৱেশন । অহা ১৭ মাৰ্চলৈকে চলিবলগীয়া এই অধিৱেশন মঙলবাৰে সম্বোধন কৰে ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাই । বিত্ত বিভাগৰ দায়িত্বত থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জ'ৰামথাংগাই এই অধিৱেশনতে ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰিব । ১৬ দিনৰ বাবে বিধানসভা অধিৱেশন অনুষ্ঠিত হৈছে । ২০২১ বৰ্ষৰ প্ৰথমখন অধিৱেশন সম্বোধন কৰি আনন্দ প্ৰকাশ কৰে ৰাজ্যপালগৰাকীয়ে ।
![মিজোৰামৰ ৭ম বিধানসভা অধিৱেশন সম্বোধন ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাইৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/governorpssreedharanpillaiaddressedtheseventhsessionoftheeighthmizoramlegislativeassemblytheannualbudget202122willbepresentedbythehonblechiefministerzoramthanga_23022021180022_2302f_1614083422_674.jpg)
তেওঁ মিজোৰামৰ জনসাধাৰণক শুভকামনা জনায় আৰু বিকাশ আৰু সমৃদ্ধিৰ এক নতুন যুগলৈ সকলোকে স্বাগতম জনায় । লগতে তেওঁ ৰাইজক আস্বাস দিয়ে যে, চৰকাৰে ৰাজ্যখনত শান্তিপূৰ্ণ পৰিৱেশ অক্ষুণ্ণ ৰাখিব আৰু জনসাধাৰণৰ প্ৰয়োজন পূৰণ কৰাত গুৰুত্ব আৰোপ কৰিব । বিগত বৰ্ষত COVID-১৯ মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিৱেশৰ কথাও তেওঁ উল্লেখ কৰে ।
এই সংকটৰ সময়ত মিজোৰামৰ জনসাধাৰণৰ শক্তি, সহনশীলতাৰো প্ৰশংসা কৰে । বৰ্তমানৰ চৰকাৰক অভিনন্দন জ্ঞাপন কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰী জ'ৰামথাংগা নেতৃত্বত চৰকাৰে কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতো ৰাজ্যত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সফল হৈছে বুলি মন্তব্য কৰে ।
লগতে পঢ়ক:সাৰদা কেলেংকাৰীৰ শুনানিৰ দিন দুসপ্তাহলৈ বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ