ETV Bharat / bharat

Atiq Ahmed Murder Case: আতিক আহমেদ হত্যাকাণ্ডৰ পাচতে সাংবাদিকৰ বাবে SOP ৰ পৰিকল্পনা গৃহ মন্ত্ৰালয়ৰ - ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ

শীঘ্ৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সাংবাদিকৰ সুৰক্ষাৰ বাবে প্ৰস্তুত কৰিব SOP (Home Ministry plans SOP for journalists)৷ প্ৰয়াগৰাজত গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফৰ হত্যাকাণ্ডৰ পাচতে গ্ৰহণ কৰৈ হৈছে এই পদক্ষেপ (Atiq Ahmed Murder Case) ৷ দেওবাৰে এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

Atiq Ahmed Murder Case
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সাংবাদিকৰ সুৰক্ষাৰ বাবে প্ৰস্তুত কৰিব SOP
author img

By

Published : Apr 16, 2023, 5:47 PM IST

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল : শীঘ্ৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সাংবাদিকৰ সুৰক্ষাৰ হেতুকে SOP (Standard Operating Procedure) প্ৰস্তুত কৰিব (Safety and security of journalists)৷ শনিবাৰে নিশা প্ৰয়াগৰাজত সাংবাদিকৰ ৰূপ লৈ তিনিজন যুৱকে আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক হত্যা কৰা ঘটনাৰ পিচতে এই পদক্ষেপ গ্ৰহণ কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে । দেওবাৰে এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ।

সংবাদ সংস্থা পিটিআইত প্ৰকাশ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সাংবাদিকৰ সুৰক্ষাৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP) প্ৰস্তুত কৰিব (Home Ministry to prepare SOP for journalists after Atiq Ahmed’s murder) ৷

উল্লেখ্য যে, গেংষ্টাৰ আতিক আহমেদে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি থকাৰ সময়তে পিচ মূৰত পিষ্টল টোঁৱাই এজন যুৱকে ৷ তাৰ পাচতে সকলোৰে চকুৰ সন্মুখতে যুৱকজনে তেওঁক গুলীয়াই হত্যা কৰে । আনকি প্ৰয়াগৰাজ আৰক্ষীৰ তত্বাৱধানত স্বাস্থ্য পৰীক্ষাৰ বাবে আতিক আহমেদৰ সৈতে অহা তেওঁৰ ভাতৃ আশ্ৰফকো যুৱকজনে গুলীয়াই হত্যা কৰে (Atiq Ahmed Murder Case) ৷

লগতে পঢ়ক : Atiq Murder case: মাফিয়া আতিকৰ বিৰুদ্ধে আছিল শতাধিক গোচৰ আবেদন

পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰাৰ সন্দৰ্ভত এজন সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হেণ্ডকাফ পিন্ধি থকা গেংষ্টাৰ আতিকে কয় যে, যিহেতু তেওঁক আৰক্ষীৰ অনুমতি দিয়া হোৱা নাছিল ৷ সেয়েহে তেওঁ এই বিষয়ে বিশেষ একো মন্তব্য কৰিব নোৱাৰে । তাৰ পাচতে কথাৰ প্ৰসংগত আতিকে গুদ্দু মুছলিমৰ কথা ক’বলৈ লয় ৷ তেনে সময়তে সাংবাদিকৰ মাজতে থকা এজন যুৱকে গুলীয়াই হত্যা কৰে আতিকক ৷

ইয়াৰ পিচতে ঘটনাস্থলীত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ য’ত আহত হয় কেবাগৰাকীও সাংবাদিক ৷ তাৰ পাচতে আৰক্ষীৰ তৎপৰতাত গেংষ্টাৰটোক হত্যা কৰাৰ উদ্দেশ্যে উক্ত স্থানলৈ যোৱা তিনিজন অভিযুক্তক সেই মুহূৰ্ততে আটক কৰে । ইয়াৰে এজন গুলীচালনাকাৰীয়ে আতিকৰ মৃতদেহত নিৰ্বিচাৰে গুলীচালনা কৰা দেখা গৈছিল ৷ এই হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিচত আন এজন ধৃত যুৱকে জয় শ্ৰী ৰাম ধ্বনি দিয়া দেখা যায় ।

ইফালে এই ঘটনাৰ চাঞ্চল্যকৰ ভিডিঅ’ শনিবাৰে নিশাই ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷ এই হত্যাকাণ্ডটোক লৈ ইতিমধ্যে যোগী চৰকাৰকো একাংশ লোকে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : Atiq Ahmed Murder Case: জনপ্ৰিয়তা আৰ্জিবলৈ আতিক-আশ্ৰফক হত্যা কৰিব বিচাৰিছিলোঁ; হত্যাকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.