ETV Bharat / bharat

Amit Shah: শীঘ্ৰেই বিহাৰত হ’ব নিৰ্বাচন; গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 8:32 PM IST

গৃহমন্ত্ৰী অমিত শ্বাহৰ এক ঘোষণাৰ পাছতেই এতিয়া তোলপাৰ লাগিছে বিহাৰৰ ৰাজনীতি ৷ কিয়নো অমিত শ্বাহে শনিবাৰে ঘোষণা কৰে যে শীঘ্ৰেই অনুষ্ঠিত হ’ব বিহাৰৰ বিধানসভা নিৰ্বাচন আৰু চৰকাৰ গঠন কৰিব বিজেপিয়ে ৷ ইয়াকে লৈ সংকটত বিৰোধী...আউল লাগিছে সমীকৰণত ৷

Amit Shah
Amit Shah

নেশ্যনেল ডেস্ক, 16 ছেপ্টেম্বৰ: বিহাৰত শীঘ্ৰেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৰাজ্যখনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন কৰা হ’ব । এই দাবী দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ অমিত শ্বাহৰ এই ঘোষণাৰ পাছতেই এতিয়া গৰম হৈ পৰিছে বিহাৰৰ ৰাজনীতি ৷

গৃহমন্ত্ৰী অমিত শ্বাহে বিহাৰৰ আৰাৰিয়াত SSBৰ আৱাসিক ভৱন উদ্বোধন কৰি এই কথা ঘোষণা কৰে ৷ তেওঁ কয় যে বিহাৰত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিহাৰত বিজেপি চৰকাৰ গঠন হ’বলৈ গৈ আছে । বিহাৰৰ মধ্যৱৰ্তী নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি চলি থকা চৰ্চাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ঘোষণাই স্বাভাৱিক এতিয়া সকলো ৰাজনৈতিক দলত চিন্তিত কৰি তুলিছে ৷

শনিবাৰে SSB জোৱানৰ বাবে নিৰ্মিত আৱাসিক ভৱন উদ্বোধন কৰিবলৈ বিহাৰৰ যোগবানীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ উদ্বোধনী ভাষণত তেওঁ দাবী কৰে যে তেওঁ বিহাৰ সীমান্তৰ সকলো সমস্যাৰ বিষয়ে অৱগত । বিহাৰত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু বিজেপিয়ে অনুপ্ৰৱেশ, ভূমি দখল, অবৈধ ব্যৱসায় সমাপ্ত কৰিম ।

‘‘মই বিহাৰ সীমান্তৰ সকলো সমস্যাৰ বিষয়ে অৱগত (অনুপ্ৰৱেশ, ভূমি দখল, অবৈধ ব্যৱসায়) । মই আপোনালোকক আশ্বাস দিছোঁ যে বিহাৰত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু মোদীজীৰ নেতৃত্বত ইয়াত এখন বিজেপি চৰকাৰ গঠন কৰা হ’ব,’’ অমিত শ্বাহৰ মন্তব্য ৷

উল্লেখ্য যে দেশত ‘এক দেশ এক নিৰ্বাচন’ নীতি কাৰ্যকৰী কৰাৰ বাবে আলোচনা চলি আছে ৷ ইয়াৰ মাজতে 18 ছেপ্টেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশন আৰম্ভ কৰা হৈছে ৷ এনে সময়ত চৰ্চাৰ বিষয়টো হ’ল যে লোকসভা নিৰ্বাচনৰ সৈতেই অনুষ্ঠিত হ’ব নেকি বিহাৰৰ বিধানসভা নিৰ্বাচন ৷

সেয়া যিকি নহওক, বিজেপিয়ে ইতিমধ্যেই বিহাৰত নিজৰ নিৰ্বাচনী প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও বিহাৰত নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰিছে ৷ এনে প্ৰেক্ষাপটত অতি শীঘ্ৰেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত পোৱা গৈছে ৷

যদি ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচনী’ বিধেয়ক অনুমোদিত হয়, তেন্তে দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত হ’ব । এনে পৰিস্থিতিত, দেশত আৰু ৰাজ্যসমূহত পৃথকে পৃথকে I.N.D.I.A মিত্ৰজোঁটে প্ৰতিদ্বন্দিতা কৰিব ৷ যাৰ ফলত স্বাভাৱিকতেই বিভ্ৰান্ত হ’ব ভোটাৰসকল । অৱশ্যে সংসদৰ বিশেষ অধিৱেশনৰ কাৰ্যক্ৰমৰ পিছত সমগ্ৰ ৰাজনৈতিক পৰিস্থিতি স্পষ্ট হ’ব ।

লগতে পঢ়ক: Centre One Nation One Poll policy : 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন' ধাৰণাৰ বিৰোধিতা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.