ETV Bharat / bharat

দিল্লীত ফাকুৱা উদযাপনত নিষেধাজ্ঞা জাৰি

author img

By

Published : Mar 27, 2021, 6:33 PM IST

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী চৈতেন্দ্ৰ জৈনে ঘোষণা কৰিছে যে, দিল্লীত ফাকুৱা উদযাপন আৰু বৃহৎ সমাৱেশৰ বাবে অনুমতি দিয়া নহ'ব । আইন উলংঘনকাৰীসকলৰ বিৰুদ্ধে বিহিত ব্যৱ্যস্থা গ্ৰহণ কৰা হ'ব বুলিও সকীয়াই দিয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

দিল্লীত ফাকুৱা উদযাপনত নিষেধাজ্ঞা জাৰি
দিল্লীত ফাকুৱা উদযাপনত নিষেধাজ্ঞা জাৰি

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ: ৰাজধানী দিল্লীত COVID-১৯ ৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ মাজতে শনিবাৰে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী চৈতেন্দ্ৰ জৈনে দিল্লীৰ বাসিন্দাসকলক বৃহৎ সমাৱেশৰ আয়োজন নকৰিবলৈ পৰামৰ্শ দিয়ে । তেওঁ কয় যে, জন সমাগমে মহামাৰীৰ সংক্ৰমণৰ আশংকা বৃ্দ্ধি কৰিব । দিল্লীৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া পৰামৰ্শ অনুসৰি, জিলা দণ্ডাধীশসকলৰ অধীনৰ ভিজিলেঞ্চৰ দলে ৰাজহুৱা স্থানত সমাৱেশ আৰু অনুষ্ঠান আয়োজন আদি নিৰীক্ষণ কৰিব ৷

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সকলোকে ঘৰতে থাকি উৎসৱ উদযাপন কৰিবলৈ অনুৰোধ জনায় । তেওঁ কয় যে, ফাকুৱা প্ৰতি বছৰে আহিব । কৰ'ণাসৃষ্ট পৰিস্থিতি ভাল অৱস্থালৈ আহিলে সকলোৱে ৰাজহুৱাভাৱে উৎসৱৰ আয়োজন কৰিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয় যে, এতিয়া উৎসৱ উদযাপন কৰাৰ ফলস্বৰূপে COVID-১৯ ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক হ'ব পাৰে ।

ৰাজহুৱাভাৱে আয়োজিত অনুষ্ঠানসমূহ নিৰীক্ষণৰ বাবে কেইবাটাও দল নিয়োজিত কৰা হৈছে নিয়ম ভংগকাৰীক উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি তেওঁ সতৰ্ক কৰি দিয়ে । স্বাস্থ্য মন্ত্ৰী চৈতেন্দ্ৰ জৈনে লগতে কয় যে, দিল্লীৰ বাহিৰৰ পৰা বিশেষকৈ মহামাৰীৰ সংক্ৰমণ অব্যাহত থকা ৰাজ্যৰ পৰা অহা লোকসকলৰ COVID-১৯ পৰীক্ষা ৰে'ল ষ্টেচন আৰু বিমানবন্দৰত অনুষ্ঠিত কৰা হৈছে ।

লগতে পঢ়ক: ভাৰতত ক'ভ'ভেক্সৰ ট্ৰায়েল আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.