ETV Bharat / bharat

Tripura HIV cases: বেজীৰে ল'ব পৰা ড্ৰাগছ ব্যৱহাৰৰ ফলত উদ্বেগজনকভাৱে বৃদ্ধি এইচআইভি ৰোগী - Tripura State AIDS Control Society

আগৰতলা পৌৰ নিগম অঞ্চলত বেজীৰে ল'ব পৰা ড্ৰাগছৰৰ ব্যৱহাৰৰ ফলত এইচআইভি পজিটিভ ৰোগীৰ সংখ্যা নিৰ্বিচাৰে বৃদ্ধি পাইছে (HIV positive cases rises for injectable drugs in Agartala) । তাৰে পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা এইডছ নিয়ন্ত্ৰণ সমিতিয়ে আজি সকলো পক্ষকে সতৰ্ক কৰি দিছে (Tripura AIDS Control Society sounds alert) ।

HIV
HIV
author img

By

Published : Jul 20, 2022, 4:51 PM IST

নিউজ ডেস্ক, ২০ জুলাই : আগৰতলা পৌৰ নিগম অঞ্চলত বেজীৰে ল'ব পৰা ড্ৰাগছৰৰ ব্যৱহাৰৰ ফলত এইচআইভি পজিটিভ ৰোগীৰ সংখ্যা নিৰ্বিচাৰে বৃদ্ধি পাইছে (HIV positive cases rises for injectable drugs in Agartala) । তাৰে পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা এইডছ নিয়ন্ত্ৰণ সমিতিয়ে আজি সকলো পক্ষকে সতৰ্ক কৰি দিছে (Tripura AIDS Control Society sounds alert) ।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰাজ্যিক নিৰীক্ষণ বিষয়া আৰু ত্ৰিপুৰা ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ (Tripura State AIDS Control Society) ভাৰপ্ৰাপ্ত প্ৰকল্প সঞ্চালক ড০ দীপ কুমাৰ দেৱবৰ্মা কয় যে বেজীৰ দ্বাৰা ড্ৰাগছ ব্যৱহাৰৰ ফলত এইচআইভিপজিটিভৰ পৰিস্থিতি নিৰ্বিচাৰভাৱে বৃদ্ধি পাইছে, যিটো উদ্বেগজনক ।

"আমি আগৰতলা পৌৰ নিগমৰ সকলো কাউঞ্চিলৰৰ সৈতে এইচআইভি এইডছ সন্দৰ্ভত আৰু বোজীৰে লোৱা ড্ৰাগছ ব্যৱহাৰৰ বিৰুদ্ধে এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি আছোঁ । আমি এএমচি ৱাৰ্ড (AMC ward) অনুসৰি আলোচনা অনুষ্ঠিত কৰিম আৰু এএমচি অঞ্চলৰ পৰিস্থিতি পৰ্যালোচনা কৰিম ।" তেওঁ কয় ।

ড০ দেৱবাৰ্মাই লগতে জনায় যে বিগত বছৰবোৰত পশ্চিম জিলাৰ তুলনাত ৰাজ্যখনৰ আন জিলাসমূহত এইচআইভি পজিটিভ ৰোগীৰ সংখ্যা অধিক আছিল । আনহাতে, যোৱা কেইমাহমানত আগৰতলা চহৰ আৰু ইয়াৰ আশেপাশে এই সংখ্যা যথেষ্ট বৃদ্ধি পাইছে (number of HIV positive increases around Agartala city) ।

তেওঁ কয় যে এএমচি অঞ্চলত প্ৰায় ৩০০ এইচআইভি পজিটিভ ৰোগী আছে আৰু যোৱা তিনি মাহত এই সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । এএমচিৰ 59 টা ৱাৰ্ডৰ ভিতৰত 50 শতাংশতকৈ অধিক ৱাৰ্ডৰ লোকসকলে বেজীৰে লোৱা ড্ৰাগছ ব্যৱহাৰ কৰি আছে । তেওঁ কয় যে বেছিভাগ বেজীৰে ল'ব পৰা ড্ৰাগছ ব্যৱহাৰকাৰীৰ বয়স 16-24 বছৰৰ ভিতৰত ।

আনহাতে, আগৰতলাত প্ৰায় 500 ৰো অধিক লোকক চিনাক্ত কৰা হৈছে যিসকলে বেজীৰে ড্ৰাগছ গ্ৰহণ কৰি আছে । তাৰে ভিতৰত আকৌ 400 ৰো অধিক লোক এইচআইভি পজিটিভ ।

লগতে পঢ়ক :Unemployment problem in Tripura: নিবনুৱা সমস্যা সমাধানৰ দাবীত আগৰতলাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.